পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
আৰ্হি তিৰুতা।


নকৰিবা।” এইটোৱেই এই তিৰুতাৰ মূলমন্ত্ৰ আছিল। দুখীয়া ঘৰৰ ঘৈণী হৈও সংসাৰত কিমান কাম কৰিব পাৰি এওঁ তাৰে দৃষ্টান্ত থৈ গৈছে। দণ্ড পোয়া কয়েদী বিলাকৰ দুৰ্দ্দশা দেখি তেঁওৰ প্ৰাণে কান্দিছিল। তেঁওৰ জীৱনৰ শেষ চল্লিশ বৎসৰ এই কয়েদী বিলাকৰ উন্নতিৰ নিমিত্তে তেঁও কটাইছিল। এলিজাবেথৰ মাকৰ বৰ কোমল স্বভাৱ আছিল এওঁও সেই স্বভাবকে পাইছিল। সৰুতে আন্ধাৰ ঘৰৰ ভিতৰলৈ যাবলৈ এঁও ভয় পাইছিল। এই ছোৱালীটীয়েই পাছত কৰ্ম্মিষ্ঠা, ‘আত্মনিৰ্ভশীলা, নিৰ্ভীকা তিৰুতা হৈছিল। বাৰ

বছৰ বয়সৰ সময় তেঁওৰ মাতৃদেবীৰ মৃত্যু হয়, মাকক হেৰুৱাই তেওঁ বৰ কাতৰ হৈ পৰিছিল। এই সময়ত ইংলণ্ডত ( Quaker ) কুয়েকাৰ নামেৰে এদল মানুহ আছিল। এওঁ বিলাক খৃষ্টানধৰ্ম্মাবলম্বীহঁতত কৈ অলপ বিভিন্ন প্ৰকাৰৰ৷ এওঁবিলাকে পৰোপকাৰেই মানুহৰ প্ৰধান কৰ্ত্তব্য কাম বুলি ভাবিছিল তেওঁ বিলাকৰ সম্প্ৰদায়ৰ নাম “Society of friends” “বন্ধু মণ্ডলী” আছিল। ‘এলিজাবেথৰ পিতাক এই সম্প্ৰদায়ৰ আছিল।

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৮০