তাৰু ভিতৰত এটা প্ৰধান কাম। ইংৰাজ গভৰ্ণমেন্ট
সহায় আছিল বুলি তেঁওৰ উদ্দেশ্য সফল হবৰ বৰ
সুবিধা হৈছিল৷ ভাৰতবৰ্ষৰ কি মুনিহ কি তিৰুতা
আটায়ে তেওঁৰ বৃদ্ধাবস্থাতো এনে কামৰ শৃঙ্খলা ও
মনৰ উচ্চতা দেখি আচৰিত হৈছিল। ভাৰতবৰ্ষীয়
তিৰুতাই চিৰকাল তেঁওৰ ওছৰত কৃতজ্ঞতাপাশত
আৱদ্ধ হৈ থাকিব। এতিয়ালৈকে বহুত তিৰুতা
জীবিতা আছে যে বিলাক তেঁওৰ সৌম্যমূৰ্ত্তি দেখিছে।
মেৰী কাৰপেণ্টাৰে তিৰুতাৰ উন্নতিৰ নিমিত্তে যি
চেষ্টা কৰিছিল তাৰ সুফল আমি আজি দেখিবলৈ
পাইছোঁ। তেতিয়া স্ত্ৰীশিক্ষাৰ প্ৰথম যুগমাত্ৰ — তেঁওৰ
জীবিতাবস্থাতে তেঁওৰ কাম সকলোৰ সুফল সুলক্ষণ
তেঁও চাই যাব পাৰিছিল। প্ৰথমবাৰ ভাৰতবৰ্ষলৈ
অহাৰ দহ বছৰ পাছত যেতিয়া চতুৰ্থবাৰ আহিছিল,
তেতিয়াই তেওঁ স্ত্ৰী শিক্ষাৰ বহুত উন্নতি দেখি আন-
ন্দেৰে কৈছিল “এই যে স্ত্ৰী শিক্ষা দৃঢ়ীভূত হৈছে
এতিয়া লাহে লাহে বাঢ়িব, ইয়াৰ উন্নতি বন্ধ কৰিবৰ
আৰু কাৰো সাধ্য নাই”। ভাৰতবৰ্ষৰ পৰা যাবৰ
সময়ত তেঁও হিন্দু লৰা দুটীক শিক্ষা দিবৰ নিমিত্তে
লৈ গৈছিল।