পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
মেৰী কাৰ্পেণ্টাৰ৷


যাতে সেই বিলাক লৰা ছোৱালী বেয়া বাটলৈ নাযায়, সেই উদ্দেশ্যেৰে মেৰী কাৰপেণ্টাৰে (Industrial school ) স্থাপন কৰিলে। এই স্কুলত লৰা ছোৱালীবিলাকে ভদ্ৰভাবে উপাৰ্জ্জন কৰি কোনোৰকম কৰি জীবিকা নিৰ্ব্বাহ কৰিব পাৰে তাকে শিক্ষা দিয়া হব এই স্থিৰ হল। অলপ দিন শিকিলেই উপাৰ্জ্জন কৰিবৰ ক্ষমতা হৈছিল।প্ৰথমতে লেখিছোঁ যে মেৰীৰ দুইজন উচ্চমনা ভদ্ৰলোকৰ সৈতে চিনাকী হয় আমেৰিকাৰ টাকাৰম্যানই প্ৰথম তেঁওক অনাথ লৰাছোৱালী বিলাকৰ উন্নতি সাধন কৰা দেশৰ মানুহে প্ৰাণপণ কৰি কৰা উচিৎ, দেখুৱাই দিয়ে আৰু সেই আদৰ্শেৰেই মেৰীয়ে ইমানদিন অনাথ ছোৱালী লৰাবিলাকৰ উন্নতিৰ নিমিত্তে নানা উপায় কৰে। তেঁওৰ দ্বিতীয় বন্ধু আমাৰ ভাৰতবৰ্ষীয়—ৰাজা ৰামমোহন ৰায়--তেঁও যে আমাৰ দেশৰ তিৰুতাৰ শিক্ষাৰ দুৰবস্থাৰ কথা কৈছিল, সেইটো মেৰীয়ে পাহৰা নাছিল। নিজৰ দেশৰ কাম কৰি তেঁও বুঢ়া হৈছিল, বাকী জীবন বহি আৰামাৰে কটাব পাৰিলেহেঁতেন কিন্তু মেৰী সেই

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৭৩