পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
আৰ্হি তিৰুতা।


ৰকম অত্যাচাৰ কৰিছিল। মেৰীয়ে অশেষ ধৈৰ্য্য ধৰি চেনেহৰ চকুৰে আৰু বুজাই-বৰাই সিহঁতক সজ বাটলৈ ওভোতাই আনিছিল। কৰ্কশ ব্যবহাৰ আৰু মাৰি ধৰি সিহঁতক সৎপথলৈ অনাটো তেওঁ ঘৃণা কৰিছিল। তেওঁ পাছত যেতিয়া দেখিলে যে লৰা ছোৱালী একেলগে ৰখা সঙ্গত নহয়, তেতিয়া অইন এটী ঘৰ কেৰেয়া কৰি ছোৱালী বিলাকক তালৈ নিলে। ইয়াৰ কিছুদিনৰ পাছতে মেৰীৰ মাতৃদেবীৰ কাল হয়। মাকৰ মৃত্যুৰ পাছত তেঁওৰ আৰু সংসাৰৰ বন্ধন এজনী ভনীয়েক বিনা কোনো নাছিল। অলপ দিনৰ পাছত তেঁও নিজৰ ঘৰ এৰি স্কুলৰ ওছৰত এটী ঘৰত থাকিবলৈ ধৰিলে। ছোৱালী বিলাকে মেৰীৰ ওচৰত থাকিবলৈ ভাল পাইছিল। তেঁও সিহঁতৰ মৰম আকৰ্ষণ ও উৎসাহি কৰিবৰ নিমিত্তে জনালে যে যিবিলাক ছোৱালীয়ে ভাল ব্যবহাৰ কৰিব সেই বিলাকক তেঁও নিজৰ ঘৰলৈ আনিব। ইয়াত সকলোৰে উৎসাহ বঢ়ি গল আৰু সকলোৱেই মেৰীৰ মৰম পাবৰ নিমিত্তে ভাল হবলৈ ধৰিলে। যিবিলাক লৰা ছোৱালী সাধাৰণ কয়েদী সন্তান বিলাকতকৈ উচ্চশ্ৰেণীৰ,

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৭২