পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪
আৰ্হি তিৰুতা।


প্ৰথমতে ঈশ্বৰক ধন্যবাদ দিলে তাৰ পিছত তেওঁৰ আশ্ৰয়দাতা মুনিবৰ মঙ্গল কামনা কৰি নিজৰ নিমিত্তে প্ৰাৰ্থনা কৰি বিছনাত শুলে। গৃহস্বামীৰ ৰাবেয়াৰ কাতৰ প্ৰাৰ্থনা শুনি মন উদাস হৈ গল, যাক তেওঁ ইমান নিৰ্যাতন কৰিছে সেই মানুহে আজি তেওঁৰ মঙ্গলাৰ্থে ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আৰু এদিন গৃহস্বামীৰ অনাহাৰত কাটিল। ঠিক সেই একে সময়ত ৰাতি তেওঁ গৈ শুনিলে ৰাবেয়াই প্ৰাৰ্থনা কৰিছে। তেওঁৰ মন একেবাৰে উদাস হল। পাছদিনা ৰাতি পুৱালত তেওঁ সকলো ক্ৰীতদাস ক্ৰীতদাসীক মুক্তি দিলে আৰু ৰাবেয়াক মাতি নি কলে “তোমাৰ ঈশ্বৰ প্ৰেম আৰু ভকতি দেখি মই বিভোৰ হৈছোঁ তোমাৰ কৃপাত আজি মই পাপীয়ে ঈশ্বৰৰ মহিমা বুজপালোঁ তুমি মোৰ গুৰু আজিৰ পৰা তুমি মুক্তি পালা তুমি যি খোজা মই তাকে তোমাক দি কৃতাৰ্থ মানিম।” ৰাবেয়াই অতি লাজ পালে; আৰু বিনয়েৰে কলে “প্ৰভু আশ্ৰয়হীনাক আশ্ৰয় দিছে ইয়াতকৈ আৰু বেছি কি হব পাৰে এতিয়াও মোক খেদাই নিদিব, আশ্ৰয় দি ৰাখক, আপোনাক

সেৱা কৰিবৰ অধিকাৰ দিয়ক।” সেই দিনৰ পৰা

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৬২