পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 


মিলাই চাবৰ মন যায়।” এই কথাটো মদত মত্ত প্ৰভুৰ কাণলৈ গল। ঠিক যেই সময়তে ৰাবেয়াই খাবৰ বস্তু লৈ আহিল৷ ৰাবেয়াক দেখিয়েই মতলীয়া প্ৰভুয়ে কলে “ভাল কথা, এই দাসীৰ ভৰিখন কাটি চালেই হল। কোৱা মাত্ৰকে কেইজন মানে ৰাবেয়াক ধৰিলে আৰু ডাক্তৰজনে ছুৰী লৈ ভৰি কাটি হাড় বিলাক খণ্ড খণ্ড কৰি উলিয়ালে। ৰাবেয়াই বোবাৰ দৰে কথা এটী পৰ্য্যন্ত নকই সকলো নীৰৱে সহিলে। তাৰে ভিতৰত এজনে “ঈশ্বৰৰ কি বিচিত্ৰ লীলা” ভৰিৰ হাড় বিলাক দেখি কলে। “ঈশ্বৰ” এই নামটী প্ৰথম ৰাবেয়াৰ কাণলৈ সোমাল। এই অসহণীয় যন্ত্ৰণাৰ সময় “ঈশ্বৰ” নামটী ৰাবেয়াৰ বৰ মধুৰ লাগিল। ডাক্তৰে “ব্যাণ্ডেজ” বান্ধি দিলে, চাকৰে তেওঁক তেওঁৰ ঘৰত থৈ আহিল। ৰাৱেয়া কৰ্ম্মিষ্ঠা, পৰিশ্ৰমী, প্ৰভুভক্ত ও নিৰ্ম্মল চৰিত্ৰৱতী আছিল কিন্তু ভগবানৰ প্ৰেমিক নাছিল। আজি এই অসহ্য যন্ত্ৰণাৰ সময়ত ঈশ্বৰৰ নামটোএ যেন তেওঁক পোহৰলৈ লৈ গল। সেই নাম তেওঁ মনৰ ভিতৰত আঁকি ললে, মুখেদি আপুনি ঈশ্বৰৰ স্তুতি ওলাল।

ভগবানক ধন্যবাদ দিলে। এই যে ভগবৎ প্ৰেম

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৬০