পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
আৰ্হি তিৰুতা৷


শোক দুখৰ মাজতো ৰাৱেয়া লাহে লাহে যৌৱনত উপস্থিত হল। তেওঁ দেখিবলৈ সুৱনী নাছিল বৰণ কৃষ্ণা আছিল, কুৎসিৎ বুলিলেও অত্যুক্তি নহয়। দুখীয়া আৰু কুৎসিৎ তিৰুতাক কোনোৱে বৰণ কৰি ঘৰলৈ বধূৰূপে নিনিয়ে। ৰাবেয়াইও তাক ভালকৈ জানিছিল, সেই দেখি তেওঁ পিতাকৰ কুটীৰতে থাকি পৰিশ্ৰম কৰি জীবন শেষ কৰিব স্থিৰ কৰি তাকে কৰি দিন কটাইছিল। কেই বছৰমান এনে দুখেৰে ৰাবেয়াৰ দিন কাটিল। এদিন আকৌ ডকাইতে গাঁও বেৰিলে। অইন অইন মানুহৰ ভিতৰত ৰাবেয়াও ধৰা পৰিল। সেই সময়ত দাসত্ব প্ৰথা আছিল। ৰাবেয়াক বচৰা নগৰৰ বজাৰলৈ নিয়া হল,তেওঁক এজন ধনীৰ নিমিত্তে দাসীৰূপে কিনা হল। ক্ৰীত দাস দাসী সকলৰ সেই সময়ত অতি কঠোৰৰূপে ব্যবহাৰ কৰা হৈছিল। ৰাবেয়াৰ ভাগ্যত অতি কদৰ্য্য আৰু পৰিশ্ৰমৰ কামবিলাক পৰিল। সেই সময়ত সেই দেশত আৰু এটা প্ৰথা আছিল যে ধনী বিলাকে প্ৰতি ৰাতি পণ্ডিত সকলক নিমন্ত্ৰণ কৰিছিল, সভা হৈছিল,নানা বিষয় তৰ্ক বিতৰ্ক হৈছিল, মদমাংসও চলিছিল, অতি কদৰ্য্য কাণ্ডবিলাক

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৫৮