পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মীৰাবাই৷


পত্নীৰূপে পাবৰ ইচ্ছা কৰিলে, আৰু ৰাজ্যলৈ উভতি গৈ বিবাহ প্ৰস্তাৱ কৰি দূত পঠাই দিলে। কুলশীলত ৰাজকুমাৰ উপযুক্ত পাত্ৰই, মীৰাৰ পিতাকে সন্মত হৈ বিবাহ দিলে।

 ৰাজপুৰীলৈ আহি মীৰা ঘৰত আবদ্ধ হল। মন খুলি হৰি সঙ্কীৰ্ত্তন কৰিব নোৱাৰাত পৰিল। তেওঁৰ মন মৰি যাবলৈ ধৰিলে। তেওঁ লেখা পঢ়া জানিছিল,পদ্য লেখিবৰ শকতি আছিল, সঙ্কীৰ্ত্তন কৰিব নোৱাৰাত দেবতা “ৰঞ্চোৰদেবৰ" নামে নানা পদ্য গীত লেখি প্ৰচাৰ কৰিবলৈ ধৰিলে। তেওঁৰ ৰচিত গীত সকল বৈষ্ণব সমাজত চলিবলৈ ধৰিলে, আজি পৰ্য্যন্ত সেই গীত চলিব লাগিছে। তেওঁ বৈষ্ণব গ্ৰন্থ “ৰাগগোবিন্দ” আৰু “গীতগোবিন্দৰ” টীকা দুখনি লেখি সকলোৰে প্ৰশংসাৰ পাত্ৰী হৈছে। এইৰূপে তেওঁ নিজৰ মনক আৰু ঘৰৰ ভিতৰত বন্ধ কৰি ৰাখিব নোৱাৰিলে; সৰ্বব সাধাৰণৰ 'লগত মন খুলি হৰিনাম কৰি আৰু হৰিনাম শুনাই নিজৰ জীৱন সাৰ্থক কৰিবৰ নিমিত্তে ব্যস্ত হৈ ৰজাক নিজৰ মনৰ ভাব জনালে৷ ৰজাই অন্তঃপুৰ মহলত এটি দেৱতাৰ মন্দিৰ স্থাপন কৰি দিলে, বৈষ্ণব বৈষ্ণবী মাত্ৰেই এই মন্দিৰলৈ যাব

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৪৭