পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী বয়সতে মৃত্যু হ’ল। চুড়াঙ্গফাৰ তিনিজন৷ ৰজা কোঁৱৰৰ মাঝত চুজাংফা সিংহাসনত উঠিল। পিতৃ ৰাজ্যকে ভোগ কৰি ১৩৪৪ শুঁকত (খৃঃ ১৯৪২ ) স্বৰ্গী হয়। এওঁৰ ভোগৰ কাল ১৫ বছৰ, এওঁৰ পাছত এওঁৰ পুতেক চুকফা ৰজা হই পিতৃ ৰাজ্যকে ভোগ কৰি ১৩৬১ শুঁকত স্বৰ্গী হয়। এওঁৰ পাছত এওঁৰ পুত্ৰ চুচেন্‌ফ৷ ৰজা সিংহাসনত উঠিল। এওঁ ৪৯ বৎসৰ ৰাজা ভোগ কৰে। এওঁৰ দিনত টঙ্গচু নগাবিলাকে আকৌ উপদ্ৰৱ কৰাত ৰজাই আপুনি সইতে ৰণ কৰিবলৈ গ'ল। যুদ্ধত নগ৷ ঘাটিল ৰু ৰজাদেৱে নগাৰ চাঙ্গ গৰাকি ৰণ জিকি নগৰলৈ উভতি আহি কিছুদিন থাকি স্বৰ্গী হ’ল। এইজনা ৰজাৰ দিনতে ১৩৭১ শুঁকত বৰদোৱাত কুসুম্বৰ ভূঁয়াৰ ঘৰত শঙ্কৰদেৱৰ জন্ম হয়। 93

"

এওঁৰ মৰণান্তে এওঁৰ পুত্ৰ চুহান্‌ফা ১৪১০ শুঁকত (খৃঃ ১৪৮৮) ৰজা হয়। এওঁৰ দিনত আহোমবিলাকে আৰু ভটীয়াই আহিবলৈ ধৰিলে। কছাৰীয়ে আহোমবিলাকৰ গতি অৱৰোধ কৰাত এক যুদ্ধ হয়। তাত কোন ফালৰ জয় পৰাজয় নহয়। উভয় পক্ষে সন্ধি কৰিলে আৰু মৰঙ্গীলৈকে কছাৰীয়ে অসম ৰজাক দেশ এড়ি দিলে, আৰু চুহান্‌ফা ৰজাই জীয়েক এজনাক কছাৰী ৰজালৈ দিলে৷ টঙ্গচু নগাহঁতো আকৌ উপদ্ৰৱ কৰাত পুনৰায় ৰণ হয়, সেই ৰণত প্ৰথমে সেনাপতি বড় গোঁহাইক নগাই কাটি মূৰ লই যায়, কিন্তু নঙ্গাৰাঙ্গ বড় গোঁহাইয়ে নগাক পৰাস্ত কৰি চাঙ্গলৈকে গ’ল,। আৰু টংচু মৌপীয়া ও লেফেৰা, এই তিনিঘৰ মানুহ বন্দি স্বৰূপে লই আহে। চুহেন্‌ফ৷ ৰজা বড় অত্যাচাৰী আছিল। তেওঁ এবাৰ লাতুৰুন্ বান নামে খুন্তাই আহোম এটাক ৰজাৰ ভঁৰালৰ ধান খোৱাত ১০০ ৰূপ দাঁড়িছিল। সেই আহোমটোয়ে এদিন ৰজাৰ চাঙ্গৰ চাঁচ আওঁতাই থাকোঁতে ৰজা সি ঠাইলৈ যোৱাত জোঙ্গোল৷ বাঁহেৰে বুকতে খোঁচ মৰাত ৰজাৰ মৃত্যু হল। এনে প্ৰসিদ্ধ আছে যে খেলুঙ্গ বুঢ়া গোঁহাইয়ে তলে তলে সেই কথাত পেট দিছিল। এইজন৷ ৰজাৰ ভোগ ৫ বছৰ মাত্ৰ। ১৪১৫ শুঁকত চুপিম্‌ফ৷ ৰজা হয়। শূলত দি দণ্ড কৰিলে (১৪৯৩ খৃঃ) চুহেন্‌ফাৰ তিনিজনা কোঁৱবৰ মাঝত পিতৃ বধি সেই লান তুৰুবানক ঘৰোৱাহিকৈ প্ৰথমে আৰু মন্ত্ৰী বুঢ়া গোঁহাইকে৷ ভাগি ঘৰলুৰি নানা