পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অধ্যায় পটল বা অধ্যায়ত এইৰূপে লেখা আছে, নীলাচলৰ কামাখ্যা দেবীক নৰকাসুৰ ৰজাই পূজা কৰোতে আন কোনেও সেই সময়ত দেবী দৰ্শন কৰিব নোৱাৰে। সেইৰূপে অনেক দিন চলি আছিল। এদিন সেই সময়তে বশিষ্ঠ মুনি দেবী দৰ্শনৰ কাৰণে যোৱাত দুৱৰীএ মুনিক ভিতৰ সোমাবলৈ নিদিলে। মুনি ক্ৰুদ্ধ হই আজিৰ পৰ৷ কামাখ্যাক পূজা কৰিলে সিদ্ধি নহয় এই শাপ দি খাণ্ডব গিৰীলৈ গ'ল। দেবী অতি দুঃখিত হই কৈলাশলৈ গই মহাদেৱৰ আগত সমস্ত বৃত্তান্ত কোৱাত মহাদেৱে বশিষ্ঠৰ শাপোদ্ধাৰৰ উপায় আৰু সময় ক’লে। এই প্ৰসঙ্গতে লেখা আছে কমতাপুৰব বজাৰ যিদিনা ৰাজ্য নাশ হয় সেই দিনাই ব্ৰহ্মশাপ প্ৰবৰ্ত্ত হব। তেতিয়াৰ পৰা কামৰূপত অতিশয় দুৰাচাৰ প্ৰজা পীড়া ৰোগ দুঃখ হব। দেৱতা দানব আৰু গন্ধৰ্ব্ব সকলে৷ প্ৰজা পীড়াপৰায়ণ হব। কৰতোয়া নদী পৰ্যন্ত যবনক খেদি সৌমাৰ যাব। এইৰূপে কিছুমান বছৰৰ পাছত বশিষ্ঠব শাপ মোচন হব। এই আখ্যানৰ দ্বাৰ৷ এইটি নিশ্চয় প্ৰতীয়মান হয় যে সেই সময়ৰ পৰ৷ কামৰূপত মহা বিপ্লব হয়। প্ৰাগজ্যোতিষপুৰৰ পৰা বাজধানী ভাটীব ফালে যায়। আৰু মুসলমান কেঁাঁচ আৰু আহোমে কামৰূপ অধিকাৰৰ কাৰণে ঘোৰ যুদ্ধ কৰে। মুসলমান হঁতে কমতাপুৰ অধিকাৰ কৰি সবহদিন নাথাকিল। কেঁাঁচ জাতিৰ বিশ্বসিংহ বজাই সেই নগৰ আক্ৰমণ কৰি হস্তগত কৰিলে। এইজনা বজাই আৰু তেওঁৰ পুত্ৰ নৰনাৰায়ণ বজ| সমুদায় কামৰূপৰ অধিপতি হল। নৰনাৰায়ণৰ দিনতে কালাপাহাড়ে কামৰূপৰ গুৱাহাটী পৰ্য্যন্ত আহি অনেক দেৱালয় নষ্ট কৰিলে। নৰনাৰায়ণৰ পাছত তেওঁৰ ভতিজ| পুতেক বঘুদেৱ ৰজা কামৰূপৰ ৰজা হ'ল! নৰনাৰায়ণৰ পুতেক লক্ষ্মীনাৰায়ণ কেৱল কেঁাঁচবেহাৰত ৰাজত্ব কৰিলে। পৰীক্ষিত নাৰায়ণ ৰজাৰ দিনত ঢাকাৰ পৰা নবাবৰ সৈন্য আহি স্বীকৃত কৰৰ বাবে তেওঁৰ নগৰ ল'লে। তেওঁ পাদশাহাব তলে গই বাটতে পাটনাত ১৫২৮ শুঁকত মৃত্যু হয়। পৰীক্ষিতৰ পাছতে মকবস খাঁ নামে মুসলমান সেনাপতিএ পৰীক্ষিতৰ ৰাজ্য অধিকাৰ কৰে। এইজন৷ নবাব চিবস্থায়ী ৰূপে থাকিব নোৱাৰিলে। সোণকোষৰ পবা উজাই মানাহা পৰ্যন্ত দেশ খণ্ড পৰীক্ষিতৰ পুতেক ৫৫