পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চদশ অধ্যায় তাৰ কাবণ এই যে কি জানি কোন বুৰঞ্জীত ৰজাঘৰীয়৷ বুৰঞ্জীব বিপৰীত কথ। লিখা আছে। * ১৮৫ অঙ্ক—অঙ্কশাস্ত্ৰৰ পুথিবিলাক অসমীয়া ভাষাত বচিত। প্ৰসিদ্ধ শুভঙ্কৰৰ মতব অঙ্কও ইয়াত প্ৰচলিত। কিন্তু এই দেশৰ হৰণ আৰু পূৰণাঙ্ক কবিবৰ প্ৰণালী বঙ্গদেশৰ নিয়মানুযায়ী নহয়। এই দেশত প্ৰাচীন নিয়মে অধিক সংখ্যাব পৰ৷ ক্ৰমান্বয়ে দক্ষিণাবৰ্ত্তে পূৰণ হই গই থাকে। তাৰ অঙ্কপাত পূবক অঙ্কৰ তলত নহৈ যি অঙ্কক পূৰিব লাগে তাৰ ওপবত হয়। আৰু তাতেই তাৰ মুঠ লিখা হয়। এই নিয়ম এতিয়া ক্ৰমে গুছি আহি বৰ্ত্তমান পঢ়াশালীবিলাকত ইংৰাজী নিয়ম প্ৰবৰ্ত্তিব ধৰিছে। মাটি পীয়লৰ জোখ অসম দেশত পৃথক আছিল কিন্তু এতিয়া বাঙ্গল৷ নিয়মৰ অনুকৰণ হ’ব লাগিছে। অসমীয়া অঙ্ক পুস্তকত লীলাবতীব কোনো কোনে৷ আৰ্য্য৷ সূত্ৰৰে৷ অনুবাদ আছে। ব্যাকৰণ—অসমীয়৷ ভাষাক ভাষা বুলি পূৰ্ব্বে শিক্ষা নিদিছিল। ভাষা বুলিলেই অনাদৃত কথা বুলি তাৰ প্ৰতিলোকে যত্ন নকৰিছিল। সংস্কৃতৰ প্ৰতিহে লোকব আদৰ আছিল। সি কাৰণে অসমীয়া ব্যাকৰণ নাছিল। অতি অল্প দিন মাত্ৰ হইছে এই ভাষাৰ দুখানি ব্যাকৰণ ৰচিত হইছে। আৰু গদ্য, পদ্য, এবং নাটক প্ৰভৃতিৰে৷ কেইখানিমান প্ৰস্তুত হইছে। বৈদ্যশাস্ত্ৰ — সংস্কৃত নিদান শাস্ত্ৰ ভাষাত শ্ৰেণীবদ্ধৰূপে নহলেও কোনো কোনো অংশ অনুবাদিত হইছে। আহুঁৰিক চিকিৎসাব অনেক পুথি পদ্য আৰু গদ্যত আছে। ইয়াৰ অনেকত অনেক ৰোগৰ নাম লক্ষণ ঔষধ এবং চিকিৎসাব প্ৰণালী আছে। ইয়াত বাজে অনেক পুথিত নানা- বোগব মন্ত্ৰ দেশীয় ভাষাত ৰচিত আছে। মাবণ, উস্থাটন, বশীকৰণ প্ৰভৃতিৰে৷ মন্ত্ৰ, ভাষাত পোৱা যায়। এইসকল ঔষধ আৰু মন্ত্ৰবদ্বাৰা অনেক লোকে দেশত প্ৰাণ প্ৰবৰ্ত্তাই আছে। সংগীত—শঙ্কব-মাধৱ আৰু আন আন ধৰ্ম প্ৰবৰ্ত্তকসকলে হিন্দু ধৰ্ম্মৰ অনেক গীত ৰচিছে। তাৰ ৰাগ ৰাগিনীৰে৷ নিয়ম নিবন্ধন আছে।

  • প্ৰায় মহাজনবিলাকৰ একোথানি বংশাবলী বা চৰিত্ৰ আছে। তাত সেই

সকলৰ বংশৰ চৰিত্ৰ গদ্য বা পথ ছন্দত লেখা আছে। 28