পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰয়োদশ অধ্যায় ১৭১ হ’ল আৰু স্বাধীন ভাবে সকলোৱে কৰ্ম্ম কৰিব পাৰিলে। নানা দেশৰ লোকব গমনাগমন হোৱাত বাটৰ সুবিধা, প্ৰতিমাহে বিশেষকৈ ভাপৰ জাহাজ ই দেশলৈ অহা যোৱা কৰি থকাত আৰু ভাটীৰ ৰেলওৱে হই আৰু সুবিধা বৃদ্ধি হোৱাত বাণিজ্যৰ বড় উপায় হ’ল। প্ৰজাবিলাকে সামান্য পৰিশ্ৰম কৰে, তাৰ দ্বাৰা বিস্তৰ লাভ কৰে। অথচ গবৰ্ণমেণ্টক যি কৰ দিয়ে তাৰ নিৰিখ অতি 'কম। সি কাৰণে মাটিৰ খাজানা বৃদ্ধি কৰিলে। আৰু ৰাজস্ব গ্ৰহণ প্ৰভৃতি কাৰ্য্যৰ নিমিত্তে এক নিয়মাবলী কৰিলে, সি নিয়মানুসাৰে দেশৰ সেই কাৰ্য্য চলিছে আৰু এই কব বৃদ্ধিৰ পৰা দেশীয় ভূমিৰ ৰাজস্ব দ্বিগুণ হ’ল। এই নিয়মৰ দ্বাৰা দেশৰ উপকাৰ সম্ভাবনা। কিয়নো ইমান অল্প কালতে দেশৰ লোক সকল আগতকৈ শ্ৰমী হইছে। এবং বাণিজ্যাদিৰ বড় উপায় ওলাইছে। ১৮৭১ ইংৰাজীত বঙ্গ প্ৰদেশৰ লেপ্টেনেন্ট গবৰ্ণৰ সবজৰ্জ্জ কাম্বল সাহাব ই দেশলৈ আহে। তেওঁ অসমীয়া ভাষা ই দেশৰ বিচাৰালয় আৰু বিদ্যালয় প্ৰভৃতিত চলিবলৈ আজ্ঞা প্ৰকাশ কৰে। সেই নিয়মানুসাৰে এতিয়া চলিব লাগিছে। ইয়াৰ পৰা যে কি উপকাৰ বা অপকাৰ তাক এতিয়াও বুঝিব পৰা নাই। কিয়নো তাৰ পৰীক্ষাৰ ফল জানিবলৈ আৰু অধিক সময় লাগিব। ব্ৰিটিশ গবৰ্ণমেণ্টৰ সুশাসনৰ নিমিত্তে দেশৰ অবস্থা ক্ৰমে সকলো বিষয়তে উন্নত হবলৈ ধৰিলে। ই বঙ্গ প্ৰদেশৰ লগত থকাত গবৰ্ণমেণ্টে ইয়াৰ কাৰ্য্যৰ প্ৰতি বিশেষৰূপে মনোযোগ দিব নোৱাৰে। বিশেষ ই দেশৰ প্ৰধান অধিপতি এই দেশতে থাকিলে সৰ্ব্ব প্ৰকাৰে দেশৰ মঙ্গল। তাৰে উন্নতিৰ নানা বাট উলিওৱা হ'ব পাৰিব। ১৮৭৪ সনৰ ফেব্ৰুৱাৰীত কমিশ্যনৰ কৰ্ণেল হপকিন্সন্ কৰ্ম্মৰ পৰা অপসৃত হোৱাত অসম দেশ এজনা চীফ বা প্ৰধান কমিশ্যনৰৰ অধীন কৰা হই ইয়াৰ কৰ্তৃত্বভাৰ ভাৰতবৰ্ষৰ গবৰ্ণৰ জেনেৰেলে আপোনাৰ হাতত ল'লে। কৰ্ণেল কিটিং সাহাব এই প্ৰধান পদত অভিষিক্ত হই শাসন কৰিব লাগিছে। গুৱাহা- টীতকৈ পাৰ্ব্বত্য শিলং নগৰ অপেক্ষাকৃত স্বাস্থ্যকৰ হোৱাত অসম দেশৰ ৰাজধানী গুৱাহাটীৰ পৰা তালৈ নিয়া হ’ল। গাড়ো পৰ্ব্বত আৰু গুৱাল-