পৃষ্ঠা:আশীৰ্ব্বাদ.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
আশীৰ্ব্বাদ

       সেৱকীয়ে যি মনৰ কল্পনাৰে এই নাম কীৰ্ত্তন কৰাইছে সেই কল্পনা খিনি পূৰ্ণ কৰি এই নাম ধৰ্ম্মৰ প্ৰভাৱতে ৰোগ, শোক, সন্তাপ, মাৰি-মৰক, জ্বৰ, পীড়া, উপচক্ৰ, উপতাপ, গ্ৰহ দোষ, দৈব দোয্যকাল দোষ, অপায় অমঙ্গলৰ পৰা পৰিত্ৰাণ কৰি গোবৰ্দ্ধন পৰ্ব্বত ধৰি গোপ গোপীসকল ৰক্ষা কৰাৰ দৰে চৰণে ছত্ৰৰ ছায়া দি নাম ধৰ্ম্মতে মতি স্থিৰ কৰি সৰ্ব্ব উপদ্ৰৱ দূৰ কৰি কৃপা কৰিব লাগে। ॥०॥

৪।

আতুৰ ভৈলোহো হৰি বিষয় বিকলে।

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে॥ হৰি লৈলো হৰি লৈলো শৰণ ইবেলি।

মই অধমক পাৱে নেপেলাইবা থেলি॥

       কোনোবা খিনি মনতে ভয় পাই তোমাৰ চৰণত শৰণে পশিছে। তযু চৰণৰ কৃপাৰে মনৰ সকলো ভয় ভ্ৰান্তি দূৰতে বিদুৰ কৰি পুত্ৰ, ভাৰ্য্যা, দুহিত্ৰি, বন্ধু-বান্ধৱ সহিতে সকলোকে শত বৰ্ষ পৰমায়ু, হিংসা,বৈৰতা, চৌৰাদি অপব্যাধি, দুষ্ট গ্ৰহৰ ভয়, পীড়া, ৰিষ্টাদিকে খণ্ডন কৰি গো, মহিষ, ধন, ধান, পুত্ৰ, ভাৰ্য্যা, দুহিত্ৰি, গৃহবৰ্ত্তী সকলৰ কোনো প্ৰমাদৰ ভাগী নকৰি সুখে সন্তোষে ৰাখি ঐশ্বৰ্য্যশালী কৰি এইদৰে সেৱা কৰিবলৈ আগলৈকে শক্তি বিধান কৰি কৃপা কৰিব লাগে। ॥০॥