পৃষ্ঠা:আমাৰ সম্পদ.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাৰি উঠিল। ৰ’ব বাইদেউ মই নিজ হাতেৰে কিবা অকণ খুৱাই পঠিয়াম। কালিৰ পৰা কিনো খাইছে একো খবৰ কৰিবই নাই পৰা। নিৰ্মলাই ক'লে, অকলে মোক দিলে নহ'ব, সৌৱা মাৰা গা-ধুইনামঘৰ সোমাইছে। তেখেতকো দিয়া। ৰুণুৱে ক'লে মই বাকীছোৱেই পৱিত্ৰকো মাতক। তাৰপিছত সকলোৱে আগবঢ়াই দিলে, ৰুণুৱে সেৱা এটা কৰি চকু দুটা আঁচলেৰে মচি ল’লে। নিৰ্মলাই বুজিও যেন একো নুবুজিলে। কাৰণ ছোৱালী উলিয়াই মাৰৰ মনৰ অৱস্থা শিকাব নালাগে।

 গাড়ীত গৈ থাকোতেই পৱিত্ৰই মাকক সুধিলে ‘মা’ অকণমান ঘৰত সোমাই গ’লে বাৰু তোৰ বেলি হ'ব নেকি? চুমুজনীৰো খোৱা-বোৱা একো থিক হোৱা নাই, আমিও গা-পা ধুই লওঁ। মানসীয়েও ক’লে, নহয় মাক অকণ আৰাম কৰিবলৈ দিলেহে ভাল হ'ব। গোটেই ৰাতিটো বহি-সাৰেই আছে। আবেলি পালেগৈ জানো বেয়া হ’ব, নিৰ্মলাই ক'লে বেয়া নহয় বিয়া এখন শেষ কৰি আহোতে সময় লাগিবই নহয়।

 আবেলি বিৰাজৰ ঘৰ পালেগৈ। নিৰ্মলাই দেখিলে, সকলো বেইৰ ওচৰত হাঁহিৰ ধুম উঠিছে জোনক গা-ধুৱাবলৈ লৈছে, নিৰ্মলাক দেখি জুনুৱে ক'লে বাইদেউ আপুনি জুৰিৰ দিনত শিকোৱাৰ দৰেই কৰিছো, তাতে যদি কিবা ৰৈও গৈছে নাজনো। নিৰ্মলাই ক’লে ভুল কাৰ নহয়, সকলোৰে হয়, মই বা কিমান ভুল কৰিছো তোমালোকে নাজানা কাৰণেহে। তুমিযে গুৰুত্ব সহকাৰে মনত ৰাখিছা সেইটোহে ডাঙৰ কথা। মই বৰ ভাল পাইছো। নোৱোৱাৰ নিয়ম দৰা আৰু কইনাৰ বেলেগ নহয়, একেই। এতিয়া লোটাত অনা গঙ্গাৰ পানী অকণ তাৰ শিৰত দিয়া সি হাত পাতি তিনিবাৰ খাওক। মূৰত চাউল দিব লাগিব। জোন বাবা তই পীৰাৰ ওপৰত ভৰি উঠাই বহিব লাগিব, তোমালোকে তাৰ মূৰৰ ওপৰত চাদৰ এখন দিয়া আৰু ডুণৰিৰ চাউলেৰে মাকক লৈ পাঁচগৰাকী বা সাতগৰাকী হ’বা, বেছি হ’লেও কথা নাই মাত্ৰ বিযুৰীয়া

২৯