পৃষ্ঠা:আমাৰ সম্পদ.pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পিছে এই দুপৰীয়াখন ক’ত ঘূৰি ফুৰিছে কওকচোন? কি কাম আছে কওকচোন? যি কৰিলে বহুত কৰিলে, এতিয়া আৰাম কৰক। আই ঐ মোৰ বোপাইহঁত লেৰেলা সাদৰখন মোক দেখুৱাব নালাগে। ফোন এটা কৰ জানো? এতিয়া ওচৰ পালে তইহে তই, মইহে মই। কিয় লৈছ সেইসোপা? অচ্যুতে নিৰ্মলাক গবা মাৰি ক'লে, অ’ জেঠাই আমাক পিছতো গালি পাৰিব। এতিয়া গাড়ীত উঠক। নামিবৰ সময়ত অচুতে ধৰিব খুজিছিল। নিৰ্মলাই নিজেই পাৰিম বুলি ধৰিবলৈ নিদিলে। গাড়ীৰ পৰা নামিয়েই পৱিত্ৰক সুধিলে, অফিচৰ পৰা আহি কিবা এটা খালিহিনে? পৱিত্ৰই ক’লে, গোটেই দিনতো ঘৰখনক চিন্তাত ৰাখি, এতিয়া মোক সুধিছ কিবা খালিনে নাই। ইহঁতৰ লগত কথা পাত। যাবলৈ বেলি হ’ব। কি কামত আহিছে গম পাইছনে নাই। বিদ্যুতে ক’লে, কাম লৈয়ে আহিছো। প্ৰথমতে বাৰু আপোনাক নকৈ কাক ক’ম জেঠাই। আমাৰ ৰুমীৰ বিয়া থিক হৈছে ফাগুনৰ ২৭ তাৰিখে। প্ৰথমতে দেউতাই আমাক আপোনাৰ ওচৰলৈকেহে পঠিয়াইছে। মই নাথাকোৱেই, ই আকৌ পৰহিহে পাইছেহি, দেউতাৰ অকলে অকলে উপায় নাই। নিৰ্মলাই কলে হ’ব হ’ব, বোপাইবাপ দিয়া কন্যা ৰজাই দিয়া ভূমি। আমাৰ কি কথা আছে? মাত্ৰ তাইৰ ভাল হ’লেই হ’ল। ল’ৰাটোৱে কিবা কৰেনে? অচ্যুতে ক’লে চাকৰিয়েই কৰে জেঠাই। ভাল কথা, অঁ এটা কথা নহয়, আমাৰ বিৰাজৰ ল'ৰাৰো ২৮ ফাগুনত বিয়া নহয়। কেনেকৈ মিলাম জানো, সেইটোহে ডাঙৰ কথা হৈছে। মই আগতীয়াকৈ নাযাওঁ, তহঁতৰ কামহে বাঢ়িব। আইতাৰ বা মামীয়েৰক আগতীয়াকৈ আহিবলৈ কবি নহ’লে! ৰুণুৰো বৰ কষ্ট হ’ব আৰু দেউতাৰক ক’বি ন পুৰুষৰ শৰাধভাগ আগতেই পাৰিলে কৰি পেলাব আৰু নামঘৰত শৰাই এভাগ আগবঢ়াব। কোনোবা এজনক মাতি আশীৰ্বাদ অকণ দিয়াব। বিদ্যুতে ক'লে জেঠাই দেউতাই কিন্তু আপোনাকহে আগতে মাতিছে।

১৯