পৃষ্ঠা:আমাৰ সম্পদ.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আহক আহক খুৰী আপোনাক খবৰ এটাও দিব পৰা নাই। ল'ৰাটোও কামলৈ যায়, বৰ বিপদত পৰিছো।

 এৰা মৃণালিনীৰ ঘৰৰফালৰ পৰা কোনো নাহে নেকি? এইখিনি সময়ত জনা-শুনা মানুহ এগৰাকীৰ বৰ দৰ্কাৰ। সেইটোতো হয়েই, মৃণালিনীৰ বৰমাক আজি অহাৰ কথা। তালৈহে বাট চাই আছো। আজি তিনিদিনেই হ’ল। ল'ৰাটো এইকেইদিন চুটিত আছিলে। পিছে আজি কি জৰুৰী কাম হ’ল মাতি পঠিয়ালে। তেনেতে মৃণালিনীৰ বৰমাক সোমাই অহা দেখিলে। নিৰ্মলাক দেখি সাৱট মাৰি ধৰিলে, অ’ মই ক’তে মৰি যাওঁ। মোৰ আজি কি ভাগ্য আপোনাক আহি লগ পালোহি, ঈশ্বৰেহে মোৰ মনৰ আশা আজি পূৰ্ণ কৰিলে। বাৰু হ'ব হ’ব, আপুনি হাত-মুখ ধোৱক, মৃণালিনীৰ বৰমাকে ক'লে অ' ৰ'ব ৰব নাযাব, মই আপোনাক বহুত কথা সুধিবলগীয়া আছে। মোৰ মুখখনহে বুজিছে, আইগৰাকী, একোকে নাজানো। নিৰ্মলাই হাঁহি মাৰি ক'লে, থিক আছে কৈছে যেতিয়া অলপ বহিছো। আপুনি আজৰি হৈ আহকগৈ। মৃণালিনীৰ বৰমাক মুঢ়া এটা লৈ নিৰ্মলাৰ ওচৰতে বহিলহি।

 নিৰ্মলাই সোধো-নোসোধোকৈ সুধিলে, আপোনালোকৰ বাৰু ছয় দিনৰ দিনা বিধতা মাতেনে? বৰমাক অলপ চিন্তাত পৰা যেন কৰিলে। মই বুজি পাইছো, সকলোৱে এই নিয়ম নকৰিবও পাৰে। আমাৰ আকৌ জন্ম হোৱা ছয়দিনৰ দিনা মাক আৰু কেঁচুৱাৰ মূৰৰফালে এখন টেবুলত বগা চাদৰ ধুনীয়াকৈ পাৰি এখন বহী, এটা পেঞ্চিল, গুৱাপাণ আৰু ধূপ-চাকি যোগাৰ কৰি শুবৰ সময়ত চাকি-ধূপ জ্বলাই মাক শুই থাকিব লাগে। ৰাতি আহি বিধতাই বোলে কপালত লিখেহি। মানুহৰ বিশ্বাস আৰু। সেইদিনা আমাৰ 'ষষ্ঠীযাগ’ বুলি কয়। মই ইমান কি ক'ম, গোসাঁই আছেই আৰু কিহৰ চিন্তা কওকচোন। ১১ দিনৰ দিনাতো আৰু একো ক'বলগীয়া নাই। আমাৰ আকৌ শনিবাৰ মঙ্গলবাৰত ১১ দিন হ’লে বাজলৈ নুলিয়াই আৰু মূৰ নুখুৰাই। মৃণালিনীৰ বৰমাকে

১৭