পৃষ্ঠা:আমাৰ সম্পদ.pdf/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেইটো আমাৰ সমাজত কনাই বুলি কয়। এটা বাতিত চাউল থৈ তাত কনাইটো থৈ দিবা। এই কনাইটো চাৰিদিনত ছোৱালী গা-ধুৱাওঁতে আৰু সাতদিনত গা-ধুৱাওঁতে মাহ, হালধিৰে মাকে নোৱাই আকৌ মচি-কাচি নতুন ৰুমালেৰে বান্ধি থ’ব। এটা লোটাত কাঁহৰ বা পিতলৰ নভঙাকৈ পাঁচটা বা সাতটা আমপাত থ’বা। সাতদিনলৈ এযোৰ তামোল পাণ, এটা টকা আৰু এগছ মিঠাতেলৰ চাকি যোগাৰ কৰি আয়তী তিনিগৰাকীক বা পাঁচগৰাকী মাতি উৰুলি দি কনাই বান্ধিবা, চাকি গছ লগাবা। খাবলৈ দিওঁতে সদায় চাকি গছ লগাই উৰুলি দিবা। তোমাৰ লগত আৰু দুগৰাকী আয়তী থাকিলেহে ভাল। সুবিধা বুজি যি পাৰা কৰিবা আৰু যোগ কিবা পাই! গধূলি জোন-তৰা ওলালেহে খাবলৈ দিব পাৰিবা। কেঁচা বস্তু— কল, গাখীৰ, মাহ, ফলাহাৰ। তেনেতে মহেন্দ্ৰ অহাৰ গম পাই নিৰ্মলা নিজেই ওলাই গ'ল৷ মহেন্দ্ৰই ক'লে খুৰী কান্তা যোগ বুলি কৈছে। নিৰ্মলাই উশাহ পালে। হওক হওক দেও, ছোৱালীজনীৰ কষ্ট কমিব। শুভগা, পতিহিতা কান্তাত ব্ৰত বিয়াৰ দিনা অৰ্থাৎ সাতদিনলৈকেহে থাকিব। পতিহীনাত তিনিমাহ ব্ৰত থাকে, যথেষ্ট কষ্ট হয়। কিন্তু ছোৱালী যদি ঋতুমতী এমাহ বা ডেৰমাহতো হয় বৰত ভাগি যায়। কিন্তু গণনা কৰি যি দান-দক্ষিণা দিবলৈ দিয়ে, সেইখিনি পালন কৰিব লাগিব। সকলো যোগৰে একে ব্ৰত নহয়। দুশীলাৰ বাৰ দিন, বেশ্যাৰ ষোল্ল দিন, কিন্তু দান দিব লাগিব, গণনাত যি কয়। সেন্দূৰীয়ে যেন সাৰহে পালে। নিৰ্মলাই মাত লগালে আই অ’ মই যাওঁ। তাইক ছিঙি-ভাঙি থাকিবলৈ নিদিবা। নতুন কাপোৰ এসাজ পিন্ধাই, বিছনাখন পাৰি দিবা। মনত ৰাখিবা ফটা-ফুটা নিদিবা। নিৰ্মলা যাবলৈ উঠিল। সেন্দুৰীয়ে কলে বৰমা চাৰি দিনতো নিয়ম আছে নহয়, মইতো একোকে নাজানো, বৰমা এপাক আহিব নেকি? নিৰ্মলাই ক'লে ইঃ এইবোৰ কামত আমাৰ ভাগ নাই। গাভৰু জীয়ৰী-বোৱাৰীৰহে আই। অকণমান মাহ-হালধি তিয়াই থ’বা, নিজেই বটিবা,

১৩