এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তাৰা।

 

না জানো, কি হেতু নাথ! তাৰাৰ অন্তৰ
অকস্মাতে কঁপি আজি উঠে আশঙ্কাত
সিবুলি, বীনয় কৰি বুলিছো তোমাক,—
কাজ নাই আজি, নাথ! সমৰ সজ্জাত॥
আৰু নাথ! চোৱাঁ ভাবি; কালি সন্ধ্যা বেলা
তিষ্ঠিব নোৱাৰি তবু বীৰত্ব-তেজত
প্ৰাণ লই গইছিলে সুগ্ৰীব পলাই;—
আজি পুনু মাগে ৰণ তোমাৰ কাষত॥
আশঙ্কা মনত এয়ে—পাইছে সহায়
কোনো দেৱ, দানৱৰ সুগ্ৰীবে তোমাৰ
সি কাৰণে কওঁ, নাথ! না যাবা যুদ্ধত,
তোমাৰ পাৱত এয়ে মিনতি তাৰাৰ॥
আৰু, নাথ! চোৱা ভাবি, সুৰীব তোমাৰ
নোহে পৰ, আপোনাৰ সহোদৰ ভাই;
যত বন্ধু, প্ৰিয়জন আছে সংসাৰত
ভ্ৰাতৃৰ সমান বন্ধু জগতত নাই॥
সুগ্ৰীবে সইতে কৰি পুনু ভাতৃ ভাব,
যদি তোমাদুয়ো থাকা মিলেৰে সদাই,
তাতকই আৰু সুখ কিবা জগতত
আছে নাথ? চোৱাঁ তুমি মনকে বুজাই।”

৪৭