প্ৰেসিডেণ্টৰূপে কাৰ্য্যকাল
লিঙ্কনক প্ৰশান্ত আৰু সংযত দেখা গৈছিল, কিয়নো লিঙ্কনে তেতিয়া গভীৰভাৱে চিন্তা কৰিছিল কেনেকৈ কাৰো মনত কষ্ট নিদিয়াকৈ সকলোৰে সম্বন্ধ পুনৰ প্ৰতিষ্ঠা কৰিব পাৰি। যুদ্ধজয়ৰ বিষয়ে তেওঁ একোকে কোৱা নাছিল বুলি ধৰিব পাৰি, কিন্তু সম্মুখত কি কি কাম কৰিবলগীয়া আছিল তাকেহে বেছিকৈ কৈছিল। কোনেও জনা নাছিল যে লিঙ্কনে যি কাম কৰোঁ বুলি সেই নিশাত আত্মোৎসৰ্গ কৰিলে তাৰ ঠিক তিনিটা কালনিশাৰ পিছতেই তেওঁ আততায়ীৰ গুলীত প্ৰাণ বিসৰ্জন দিব। এইটোৱেই তেওঁৰ শেষ ৰাজহুৱা ভাষণ।
আমি আজি এই সন্ধিয়া গেটে খাইছোঁ শোকত অভিভূত হৈ নহয়— আনন্দোৎফুল্ল হৈহে। পিটাচ্বাৰ্গ আৰু ৰিছমণ্ডৰ পৰা অপসাৰণ আৰু প্ৰধান বিদ্ৰোহীদলৰ আত্মসমৰ্পণৰ পৰা যি ন্যায়সঙ্গত আৰু দ্ৰুত শান্তিপ্ৰতিষ্ঠাৰ আশা দেখিবলৈ পোৱা গৈছে তাৰ বাবে আমি সকলোৱে অতি আনন্দলাভ কৰিছোঁ। এই আনন্দৰ মাজত যাৰ আশীৰ্ব্বাদতহে সকলো সম্ভৱ তেওঁৰ কথা পাহৰি যোৱাটো উচিত নহব। জাতীয় ধন্যবাদ জ্ঞাপনৰ দিবস এটা পালনৰ ব্যৱস্থা কৰা হব ধৰিছে আৰু সেইমতে ঘোষণা কৰি জনাই দিয়া হব।
জাতীয় শক্তিৰ পুনৰ প্ৰতিষ্ঠা— সংগঠন যি বিষয়লৈ আমি প্ৰথমৰ পৰাই চিন্তা কৰি আহিছোঁ তাৰ কথা এইবোৰ নতুন সাফল্যই আমাক দকৈ চিন্তা কৰিবলৈ সোৱঁৰাই দিছে। এই কাম নানা বাধা-বিঘিনিৰে ভৰপূৰ। ভিন ভিন স্বাধীন জাতিৰ ভিতৰত হোৱা যুদ্ধ এখনৰ দৰে এইবোৰ বিষয় আলোচনা কৰিবলৈ আমাৰ তেনে কোনো ক্ষমতাপ্ৰাপ্ত অনুষ্ঠান নাই। কোনো এজন মানুহৰেই আন কোনো মানুহৰ হকে বিদ্ৰোহ পৰিহাৰ কৰাৰ ক্ষমতা বা অধিকাৰ নাই। আমি কিছুমান বিশৃঙ্খল আৰু মিলহীন উপাদান লৈহে কাম আৰম্ভ কৰিব লাগিব। আমাৰ নিচিনা ৰাজভক্ত মানুহসকলৰে যে সংগঠনৰ ধৰণধাৰণ আৰু উপায় সম্পৰ্কে মতানৈক্য ঘটে এইটো কম লাজৰ কথা নহয়।
এই বিষয়ত আমি সকলোৱে একমত যে ইউনিয়নৰ পৰা তথাকথিত বিচ্ছিন্ন ৰাজ্যসমূহ ইউনিয়নৰ বাস্তৱ সম্পৰ্কৰ পৰাও আঁতৰি গৈছে আৰু এই চৰকাৰৰ একমাত্ৰ উদ্দেশ্য হল আকৌ সেইবোৰ ৰাজ্যক বাস্তৱ সম্পৰ্কলৈ ঘুৰাই লে অহা। মই বিশ্বাস কৰোঁ, এই কামটো অকল সম্ভৱেই নহয় দৰাচলতে সহজ এই ৰাজ্যসমূহ ইউনিয়নৰ লগত থাকক বা নেথাকক। পুনৰমিলন যেতিয়া হৈছে, তেতিয়া আৰু অতীতৰ বিচ্ছেদৰ কথা ভবাৰ সকাম নাই। এইবোৰ ৰাজ্য আৰু ইউনিয়নৰ মাজত উপযুক্ত বাস্তৱ সম্পৰ্ক পুনৰ স্থাপন কৰাত আমি যথাসাধ্য চেষ্টা কৰোঁহঁক। এই যত্ন কৰোঁতে প্ৰত্যেকেই এই কথাত নিজৰ অভিমত ভালদৰে খটুৱাব
লাগিব যে যথাৰ্থতে এইবোৰ ৰাজ্যক বাহিৰৰ পৰা আনি ইউনিয়নভুক্ত কৰা হল নে
৫৯