পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী

আনক বিচাৰ নকৰোঁহঁক। দুয়োপক্ষৰে প্ৰাৰ্থনা ফলিয়াব নোৱাৰে আৰু কোনোপক্ষৰে প্ৰাৰ্থনা সম্পূৰ্ণভাবে ফলিওৱা নাই ঈশ্বৰৰ অভিপ্ৰায় কোনেও বুজিব নোৱাৰে।

 “পৃথিবীত পাপ আছে কাৰণে দুখ দুৰ্গতি আছে আৰু পৃথিবীত পাপ থাকিবই। কিন্তু যিজনে পাপ কৰে তেওঁৰ দুখ-দুৰ্গতি হক।” আমি ধৰি লওঁ যে মাৰ্কিন দাসপ্ৰথা পাপস্বৰূপ আৰু এই পাপ অহা যদি ইশ্বৰৰ অভিপ্ৰেত আৰু তেওঁৰ অভিপ্ৰায় অনুসৰি নিৰ্দ্দিষ্ট সময়লৈকে চলি আছিল, এতিয়া তেওঁ ইয়াক আতৰ কৰাবলৈ বিচাৰিছে আৰু যিসকলে এই পাপ কৰিছে তেওঁলোকৰ শাস্তি হিচাবে দেশৰ উত্তৰ আৰু দক্ষিণ দুই অঞ্চলতেই ভগবান এখন ভয়ানক যুদ্ধ সংঘটিত কৰিলে। তেনেহলে আমি জানোঁ ভগবদ্‌‌বিশ্বাসী লোকসকলে তেওঁক কৃপাময় বুলি কোৱা কথাষাৰি অস্বীকাৰ কৰিবলৈ লম? অতি বিশ্বাসেৰে আমি আশা করিৰিছোঁ আৰু অতি ব্যগ্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ, যেন এই অভিশপ্ত যুদ্ধর সোনকালেই অৱসান তথাপিও যদি ভগবানৰ ইচ্ছা যে যুদ্ধ চলি থাকক যেতিয়ালৈকে দাসসকলৰ আঢ়ৈশ বছৰৰ অক্লান্ত পৰিশ্ৰমেৰে গঢ়ি তোলা ধন শেষ হৈ নেযায়, যেতিয়ালৈকে চাবুকৰ কোবত ওলোৱা দাসসকলৰ প্ৰতিবিন্দু তেজৰ তিনি হেজাৰ বছৰ আগেয়ে কোৱা দৰে মূল্য তৰোয়ালৰ আঘাতত ওলোৱা তেজেৰে পৰিশোধ কাৰ নহয়, তথাপিও কব লাগিব— “ভগবানৰ বিচাৰ সম্পূৰ্ণ সত্য আৰু ন্যায়।”

 কারো প্ৰতি বিদ্বেষ পোষণ নকৰি আৰু সকলোৰে প্ৰতি সদ্ভাৱ ৰাখি ন্যায়পথত অবিচলিত থাকি আমাবোৰ অসমাপ্ত কাম শেষ কৰিবলৈ আগুৱাই যাওঁ আহক; জাতিৰ ক্ষতস্থান বান্ধি দিওঁ আহক আহক যিসকলে দেশৰ মঙ্গলৰ হকে যুদ্ধত প্ৰাণ বিসৰ্জন দিছে তেওঁলোকৰ বিধবালোক মাউৰা লৰাছোৱালীবোৰৰ যত্ন লওঁ আহক। ইয়াকেই কৰিলে আমাৰ মাজত আৰু সকলো জাতিৰ মাজত প্ৰকৃত শান্তি, চিৰস্থায়ী শান্তি প্ৰতিষ্ঠাত সফলকাম হবও পাৰোঁ।

 

সংগঠনৰ বিষয়ে

 

 ১৮৬৫ চনৰ এপ্ৰিলমাহত যুদ্ধ শেষ হয় আৰু শত্ৰুৰ আত্মসমৰ্পনৰ ঠিক দুটা ৰাতিৰ পিছতে লিঙ্কনে হোৱাইট হাউচলৈ সান্ধ্য-সঙ্গীতানুষ্ঠানত যোগদান কৰিবলৈ অহা দল এটাৰ আগত কেই আষাৰমান কষা কয়। জনতাই লিঙ্কনৰ মুখত আনন্দৰ ৰেখা বিৰিঙি উঠিব বুলি ভাবিছিল কিন্তু

৫৮