পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেসিডেণ্টৰূপে কাৰ্যকাল

 আজি মই দ্বিতীয়বাৰেৰ কাৰণে প্ৰেচিডেণ্ট হিচাৱে শপথ গ্ৰহণ কৰিবলৈ ওলাই প্ৰথম বাৰৰ দৰে দীঘল ভাষণ দিয়াৰ কোনো কাৰণ দেখা নাই। তেতিয়াহলে আমি কি পন্থা অনুসৰণ কৰিম তাৰেই অলপ বিশদ বিৱৰণী দি এটা বিবৃতি দিয়াটো বোধকৰোঁ সমুচিত। যোৱা চাৰি বছৰ ধৰি প্ৰতিটো জৰুৰী বিষয়ত যিবোৰ ঘোষণা জাৰী কৰা হৈছে আৰু যিবোৰ সমস্যাই এতিয়াও চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিয়েই আছে আৰু জাতিৰ শক্তি সম্পূৰ্ণৰূপে নিমগ্ন কৰি ৰাখিছে, তেনে ক্ষেত্ৰত আজি নতুন কিবা দঙি ধৰিবলৈ একো নাই। আমাৰ শক্তিৰ অগ্ৰগতি যাৰ ওপৰতেই আন আন সকলোৰে মূলতঃ নিৰ্ভৰ কৰে তাৰ কথা মোৰ দৰে আপোনালোকেও ভালকৈয়েই জানে। মোৰ বিশ্বাস এই অগ্ৰগতি যুক্তিযুক্ত আৰু সন্তোষজনক আৰু সকলোৰে পক্ষে উৎসাহজনক। ভবিষ্যৎসম্পৰ্কে অতি উচ্চ আশা কৰোঁ যদিও এই বিষয়ে কোনো ভবিষ্যৎবাণী কৰিব লোখোজোঁ

 চাৰিবছৰ আগতে আজিৰ দিনত সকলোৰে মনত গৃহযুদ্ধৰ আশঙ্কা এটাই দেখা দিছিল। সকলোৰে ইয়াক ভয় কৰিছিল আৰু ইয়াৰ পৰা হাত মাৰিবলৈ বিচাৰিছিল। বিনাযুদ্ধে ইউনিয়নক ৰক্ষা কৰাৰ নীতিকে সাৰোগত কৰি যেতিয়া এই ঠাইতেই প্ৰথম উদ্বোধনী ভাষণ দি আছিলোঁ সেই সময়তেই বিনাযুদ্ধে ইউনিয়নক ধ্বংস কৰি দিবলৈ চহৰত বিদ্ৰোহীসকল ঘূৰি ফুৰিছিল আৰু আপোচ আলোচনাৰ দ্বাৰা দেশখনক বিভক্ত কৰিবলৈ বিচাৰিছিল। দুয়োদলেই যুদ্ধৰ বিৰোধী আছিল কিন্তু তাৰে এটা দলে জাতিক বচাই ৰখাতকৈ যুদ্ধহে কৰিব আৰু আনটোৱে জাতিক ধ্বংস হবলৈ দিয়াতকৈ যুদ্ধহে কৰিব। এনেকৈ যুদ্ধৰ আৰম্ভ।

 সমগ্ৰ জনসংখ্যাৰ এক অষ্টমাংশ বৰ্ণকায় দাস আৰু তেওঁলোক গোটেই ইউনিয়নটোত সাধাৰণভাবে সিঁচৰতি হৈ থকা নাই; ইউনিয়নৰ দক্ষিণ অঞ্চলতহে তেওঁলোকৰ ঘাই বসতি। এই দাসসকলক লৈ এটি বিশেষ ধৰণৰ আৰু শক্তিশালী স্বাৰ্থই মূৰ দাঙি উঠিছে। সকলোৱে জানে এই স্বাৰ্থই এই যুদ্ধৰ ঘাই কাৰণ। এই স্বাৰ্থ শক্তিশালী, স্থায়ী আৰু সম্প্ৰসাৰিত কৰাই হল বিদ্ৰোহীসকলৰ লক্ষ্য আৰু এই লক্ষ্য সাধন কৰিবলৈ তেওঁলোকে আনকি যুদ্ধৰ দ্বাৰাও ইউনিয়নক থানবান কৰি দিবলৈ কুন্ঠিত নহয়। আনহাতে চৰকাৰে ইয়াৰ আঞ্চলিক সম্প্ৰসাৰণ সীমাবদ্ধ কৰাৰ বাহিৰে আন একোকে কৰিবলৈ বিচৰা নাই আৰু কোনোকালেই বৰ্ত্তমান যুদ্ধ, যুদ্ধৰ বৰ্ত্তমান ব্যাপকতা আৰু এই যুদ্ধ যিমানদিন ধৰি চলিছে তাক বিচৰা নাছিল। কোনোদলেই আশা কৰা নাছিল যে যুদ্ধ সমাপ্ত হোৱাৰ লগে লগে আনকি ইয়াৰ আগতেও যিকাৰণত যুদ্ধ কৰা হৈছিল সেই কাণৰটোৱেই নাইকীয়া হৈ যাব। প্ৰত্যেকে সহজে জয়লাভ কৰিবলৈ আৰু অপেক্ষাকৃত কম মৌলিক আৰু উল্লেখযোগ্য ফলাফলৰ আশা কৰিছিল। দুয়োদলে একে বাইবেলকে পঢ়িছিল, একেজনা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল আৰু প্ৰত্যেকে প্ৰত্যেকেৰ বিৰুদ্ধে ভগবানৰ আশীৰ্ব্বাদ কামনা কৰিছিল। এইটো আচৰিত যেন লাগিব যে এজনৰ মূৰৰ ঘাম ভৰিত পেলাই— আন এজনে সুখেৰে খাবলৈ লবলৈ কোনোবাই ভগবানৰ সাহায্যও বিচাৰিব পাৰে। আমি নিজকে বৰ ন্যায়পৰায়ণ ভাবি

 

৫৭