পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী

কিন্তু এই ৰাজনৈতিক যুদ্ধৰ ফলত তেওঁলোকৰ মাজত যেতিয়া ভেদাভেদৰ সৃষ্টি হব আৰু আংশিকভাবে নিষ্ক্ৰিয় হৈ পৰিব তেতিয়া তেওঁলোকৰ জানো পতন নহব?

 কিন্তু নিৰ্ব্বাচন একান্ত প্ৰয়োজনীয়।

 নিৰ্ব্বাচন নহলে স্বাধীন চৰকাৰ পাব নোৱাৰি আৰু যদি বিদ্ৰোহৰ ফলত আমি জাতীয় নিৰ্ব্বাচন পৰিহাৰ কৰিবলৈ অথবা স্থগিত ৰাখিবলৈ বাধ্য হওঁ, তেনেহলে বিদ্ৰোহী সকলে আমাক ইতিমধ্যে জয় কৰিছে আৰু ধ্বংস কৰিছে বুলি দাবী কৰাৰ যুক্তি আছে। নিৰ্ব্বাচনত সংগ্ৰাম কৰাটো মানুহৰ স্বভাব আৰু নিৰ্ব্বাচনৰ উদ্দেশ্য আৰু বিষয়বস্তুৰ লগত ইয়াৰ সঙ্গতি আছে। বৰ্ত্তমানৰ ক্ষেত্ৰত যিবোৰ ঘটনা ঘটিছে অনুৰূপ ক্ষেত্ৰতো তেনেবোৰ ঘটনা ঘটি থাকিব। মানুহৰ স্বভাৱৰ সলনি নহয়। বৰ্ত্তমানৰ জাতীয় নিৰ্ব্বাচনৰ এইবাৰৰ লোকসকলৰ তুলনাত ভবিষ্যতৰ যিকোনো বিৰাট জাতীয় পৰীক্ষাত আমি দুৰ্ব্বল বা সবল, মূৰ্খ বা জ্ঞানী ভাল আৰু বেয়া সকলোৰকমৰ মানুই সমানেই দেখিবলৈ পাম। গতিকে বৰ্ত্তমানৰ ঘটনাৱলীক প্ৰতিশোধ লব লগা ভুল হিচাবে নলৈ জ্ঞান অৰ্জ্জনৰ উপায় হিচাবে অনুশীলন কৰোঁ আহক।

 কিন্তু অপ্ৰীতিকৰ আৰু অবাঞ্ছিত ঘটনাসত্ত্বেও নিৰ্ব্বাচনে আমাৰ মঙ্গলেই কৰিছে। ইয়ে প্ৰমাণ কৰি দিছে যে ৰাইজৰ চৰকাৰে প্ৰবল গৃহযুদ্ধৰ মাজতো জাতীয় নিৰ্ব্বাচন পাতিব পাৰে। নিৰ্ব্বাচন নোহোৱালৈকে এইটো সম্ভৱপৰ বুলি বিশ্বই জানিব পৰা নাছিল। আমি এতিয়াও কিমান সুস্থ আৰু শক্তিশালী তাকো এই নিৰ্ব্বাচনে প্ৰমাণ কৰি দিছে। ইয়ে দেখুৱাই দিছে যে আনকি একেটি দলৰে প্ৰাৰ্থীসকলৰ মাজত যিয়ে ইউনিয়নৰ প্ৰতি সৰ্ব্বাধিক অনুগত আৰু ৰাজদ্ৰোহৰ সৰ্ব্বাধিক বিৰোধী তেওঁ ৰাইজৰ সৰ্ব্বাধিক ভোট পাব পাৰে। নিৰ্ব্বাচনে এইদৰেও প্ৰমাণ কৰিছে, যুদ্ধ আৰম্ভ হোৱাৰ সময়ত আমাৰ যিমান মানুহ আছিল এতিয়া তাতোকৈ বেছি মানুহ আছে। সোণৰ মূল্য আছে কিন্তু জীৱন্ত স্বাধীন আৰু স্বদেশপ্ৰেমিকলোকৰ মূল্য সোণতকৈ বেছি।

 বিদ্ৰোহ এতিয়াও চলি আছে আৰু এতিয়া যিহেতু নিৰ্ব্বাচন সমাপ্ত হৈছে তেতিয়া জানো আকৌ উমৈহতীয়া স্বাৰ্থৰ হকে আমাৰ মাতৃভূমিক ৰক্ষা কৰিবলৈ উমৈহতীয়া প্ৰচেষ্টাত পুনৰ সংঙ্ঘবদ্ধ হব নোৱাৰে? মোৰ ফালৰ পৰা মই সকলোৰকমৰ বাধাবিপত্তি আঁতৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু কৰি থাকিমও। আজি যিমানদিন মই ইয়াত আছোঁ মই কাৰো বুকুত ইচ্ছা কৰি হুল বিন্ধি দিয়া নাই।

 পুনৰ নিৰ্ব্বাচিত হোৱাৰ কাৰণে মোক ওলগণি জনোৱাত মই আপোনালোকৰ গভীৰ শলাগ লৈছোঁ আৰু মোৰ দেশবাসীক তেওঁলোকৰ নিজৰ মঙ্গলৰ অৰ্থে সুপথে পৰিচালনা কৰা কাৰণে ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। সেই বুলি নিৰ্ব্বাচনৰ ফলাফলত কোনোবাই হতাশ আৰু দুঃখিত হোৱাৰ কাৰণে মই অকনো দুখ পোৱা নাই।

 মোৰ লগত যিসকলৰ মতানৈক্য নাই তেওঁলোকে মোৰ দৰে মোৰ লগত মতানৈক্য থকা সকলৰ প্ৰতিও অনুৰূপ মনোভাৱ জ্ঞাপন কৰিবনে?

 আমাৰ সাহসিক সৈনিক আৰু নাবিক আৰু তেওঁলোকৰ নিৰ্ভীক আৰু সুদক্ষ অধিনায়ক সকললৈ তিনিবাৰ হৰ্ষধ্বনি কৰিবলৈ অনুৰোধ জনাই মই মোৰ ভাষণৰ সামৰণি মাৰিলোঁ।

 

৫৪