পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাবলী

আমাৰ জীৱন্তসকলৰ কৰ্ত্তব্য। আমাৰ কৰ্ত্তব্য হৈছে আমাৰ সন্মুখত থকা অসমাপ্ত কামত নিজকে উছৰ্গা কৰা; আমাৰ সম্মানিত সৈনিকসকলে জীৱনৰ শেষ নিশ্বাসলৈকে অনুগতভাবে যিকাম কৰি গল সেই কামত অধিক অনুগত হোৱা। আহক, ইয়াতেই আমি দৃঢ়তাৰে শপথ গ্ৰহণ কৰো যে এই সৈনিকসকলৰ প্ৰাণ বিসৰ্জন বৃথা নহব; ঈশ্বৰৰ কৃপাত আমাৰ দেশত স্বাধীনতাৰ নবজন্ম হব আৰু ৰাইজৰ হকে, ৰাইজৰ দ্বাৰা নিৰ্ব্বাচিত ৰাইজৰ চৰকাৰ চন্দ্ৰসূৰ্য্য থাকেমানে পৃথিবীত চলি থাকিব।

 

মানৱ হিতৈষী লিঙ্কন

 

 প্ৰেসিডেণ্টৰ পদৰ গধূৰ দায়িত্ব লৈ থকা সত্ত্বেও লিঙ্কনে তেওঁৰ মানৱ প্ৰেমৰ ওচৰত আবেদন জনোৱা সাধাৰণ অজ্ঞাত লোকসকলৰহৈ হস্তক্ষেপ কৰাৰ সময় উলিয়াইছিল।

 
“এক্সিকিউটিভ্ মেন্‌‌চন্”
ৱাশ্বিংটন, ১মাৰ্চ্চ, ১৮৬৪ চন।

অবৈতনিক সমৰ সচিবলৈ:

মহাশয়,

 বেয়াৰ্ড নামৰ এজনী দুখীয়া বিধবাৰ লৰা এটি সেনাবাহিনীত কাম কৰে। কিবা অপৰাধৰ কাৰণে এই সৈনিকটিৰ ওপৰত বিনা দৰমহাত অথবা হয়তো বৰ কম দৰমহাত দীৰ্ঘমিয়াদী ফাটেক বিহা হৈছে। এনেকুৱা দৰমহা নিদিয়াকৈ শাস্তি দিয়াটো মই পছন্দ নকৰোঁ, কিয়নো তাৰ ফলত দুখীয়া পৰিয়ালে বৰ কষ্ট পায়। সৈনিকটিয়ে কেবা মাহো এইদৰে ফাটেক খটাৰ পিছত তাৰ মাকে চকুলো টুকি মোৰ ওচৰত আবেদন জনোৱাত, আনসকলৰ দৰে তেওঁৰ ওপৰতো নতুন মিয়াদৰ শাস্তি বিহিবলৈ মই নিৰ্দ্দেশ দিছিলোঁ। মাকজনী মোৰ ওচৰলৈ আকৌ আহিছে আৰু তেওঁ কৈছে যে মোৰ নিৰ্দ্দেশ কাৰ্য্যকৰী কৰিব পৰা নাই। অপুগ্ৰহ কৰি সেই নিৰ্দ্দেশ কাৰ্য্যকৰী কৰিব।

আপোনাৰ বিশ্বাসী—
এ, লিঙ্কন।
 

৫০