পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী


মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেণ্টৰ দ্বাৰা ঘোষিত:

এখন ঘোষণা-পত্ৰ

 বছৰটো শেষ হৈ আহিছে আৰু গোটেই বছৰটোতে আমি আকাশে-পথাৰে ঈশ্বৰৰ আশীৰ্ব্বাদ লাভ কৰিছোঁ। ঈশ্বৰৰ আশীৰ্ব্বাদ প্ৰসূত সুফল সমূহ ভোগ কৰোঁতে আমি সেই সুফলৰউৎসৰ কথা পাহৰি যাব পাৰোঁ। ইয়াৰ লগত ঈশ্বৰৰ আশীৰ্ব্বাদ স্বৰূপ আন আন বিশেষ ধৰণৰ বিষয়ো সংযুক্ত হৈছে। এইবোৰে সাধাৰণতঃ ভগবানৰ ক্ষমতাত অবিশ্বাসী সকলৰ অন্তৰকো পৰশ কৰিছে। এখন অসাধাৰণ ভাবে প্ৰবল আৰু তীব্ৰ গৃহযুদ্ধ চলিছে। কেতিয়াবা কেতিয়াবা ইয়ে বিদেশী ৰাজ্যক যুদ্ধৰ পক্ষ লবলৈ আমন্ত্ৰণ জানাৱাৰ নিচিনা অৱস্থা এটাৰ সৃষ্টি কৰিছে। তথাপিও আটাইবোৰ জাতিৰ লগতেই শান্তি ৰক্ষা কৰি চলা হৈছে, প্ৰকৃত যুদ্ধক্ষেত্ৰৰ বাহিৰে দেশৰ সকলো ঠাইতে শৃঙ্খলা অব্যাহত ৰখা হৈছে আৰু ঐক্য অক্ষুণ্ন আছে। ইউনিয়নৰ সেনা আৰু নৌবাহিনীৰ অগ্ৰগতিয়ে যুদ্ধক্ষেত্ৰৰ পৰিধিও বৰকৈ কমাই আনিছে। শান্তিপূৰ্ণ শিল্পৰ সম্পদ আৰু শক্তি জাতীয় প্ৰতিৰক্ষাত ব্যৱহাৰ কৰাটো আৱশ্যকীয় হৈ পৰিছে। তথাপিও পথাৰৰ হাল, শালৰ মাকো অথবা সাগৰৰ জাহাজ বন্ধ হোৱা নাই। আনহাতে আমাৰ খেতি-পথাৰৰ আয়তন বৃদ্ধিহে পাইছে আৰু খনি, লো, কয়লা আৰু মূল্যবান ধাতু উৎপাদন আগতকৈ বেছিহে হৈছে। জনসংখ্যা ক্ৰমে বাঢ়ি আহিছে— যদিও যুদ্ধক্ষেত্ৰৰ আক্ৰমণ প্ৰত্যাক্ৰমণত জনসংখ্যাৰ ক্ষতি হৈছে। ৰাইজ নিজৰ শক্তি বৃদ্ধিত সচেতন হৈছে আৰু অধিকতর স্বাধীনতাৰে দিন যাপন কৰাৰ আশা দেখিবলৈ পাইছে। কোনো মানুহর পৰামৰ্শক্ৰমে অথবা মৰণশীল লোকৰ দ্বাৰা এই কামবোৰ হোৱা নাই— এইবোৰ হল ভগবানৰেই দান। আমার পাপৰ কাৰণে তেওঁ আমাক শাস্তি দিছে যদিও আমাৰ ওপৰত দয়াও কম কৰা নাই। গতিকে মোৰ বোধেৰে মাৰ্কিন ৰাইজে একমনে এককণ্ঠে ভগবানৰ দয়াৰ প্ৰতি সশ্ৰদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰাটো সমুচিত হব। মই মোৰ দেশবাসী সকলৰ ওচৰত— যিসকল মাৰ্কিন যুক্তৰাষ্ট্ৰত আছে, যি সকল সমুদ্ৰত বিচৰণ কৰিছে আৰু যি সকল বিদেশ ভ্ৰমণ কৰিছে– তেওঁলোকক অহা নবেম্বৰ মাহৰ শেষ বৃহস্পতিবাৰ দিনটো পৰমপিতা পৰমেশ্বৰৰ ওচৰত শলাগ আৰু ধন্যবাদ জ্ঞাপনৰ দিন হিচাবে পালন কৰিবলৈ আমন্ত্ৰণ জনাওঁ। আৰু তেওঁলোকৰ ওচৰত এইদৰেও আহ্বান জনাওঁ যে ঈশ্বৰৰ আশীৰ্ব্বাদ আৰু কৃপাদৃষ্টিৰ কাৰণে ৺ৰ ওচৰত প্ৰাৰ্থনা জনাওঁতে তেওঁলোকে যেন জাতীয় অৱনতি আৰু ঔদ্ধত্যৰ কাৰণে আৰু শোচনীয় গৃহযুদ্ধৰ ফলত হোৱা বিধবা, মাউৰা, দুখী অথবা দুৰ্গতসকলৰ ওপৰত ঈশ্বৰৰ কৃপাদৃষ্টি বৰষিবলৈকো বিনয় সহকাৰে প্ৰাৰ্থনা জনায়। অনিবাৰ্য্য কাৰণ বশতঃ আমি গৃহযুদ্ধত লিপ্ত হৈছোঁ আৰু ৰাইজে যেন ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে মৰ্ম্মবিদ্ধ জাতিৰ ক্ষতস্থলত ভগবানে কৰুণাৰ হাত বুলাই দিয়ে আৰু ভগবানে যিমান সোনকালে বিচাৰে সিমান সোনকালে যেন পূৰ্ণ-শান্তি, ঐক্য, প্ৰশান্তি আৰু ইউনিয়ন পুনৰ প্ৰতিষ্ঠিত হয়।
৪৮