পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী


 মই, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেণ্ট আৰু সেনা আৰু নৌবাহিনীৰ সৰ্ব্বাধিনায়ক এব্ৰাহাম লিঙ্কনে ঘোষণা কৰোঁ যে আগৰদৰে এতিয়াৰে পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ যিবোৰ ৰাজ্যত সাংবিধানিক সম্পৰ্ক স্থগিত ৰখা হৈছে বা ক্ষুণ্ন হৈছে সেই বোৰৰ প্ৰতিখন ৰাজ্য আরু তাৰ অধিবাসীসকলৰ মাজত সাংবিধানিক সম্পৰ্ক পুনৰ প্ৰতিষ্ঠাৰ অৰ্থে যুদ্ধ চলাই যোৱা হব।

 মোৰ উদ্দেশ্য হল এয়ে যে কংগ্ৰেছৰ অহা অধিবেশনত এটা বাস্তৱ ৰৱস্থাৰ পৰামৰ্শ পুনৰ দাঙি ধৰিম। এই ব্যৱস্থা অনুসৰি তথাকথিত দাসপ্ৰথা প্ৰচলিত ৰাজ্যসমূহক আৰ্থিক সাহায্য দিয়া হব যাতে এই ৰাজ্যবোৰৰ অধিবাসীসকলে মাৰ্কিনযুক্তৰাষ্ট্ৰৰ বিপক্ষে বিদ্ৰোহ নকৰে। এইবোৰ ৰাজ্যই আৰ্থিক সাহায্য গ্ৰহণ কৰা নকৰাটো তেওঁলোকৰ ওপৰতেই নিৰ্ভৰ কৰে। এই ব্যৱস্থাৰ ফলত উক্তৰাজ্যবোৰে ইচ্ছাকৃতভাবে তেতিয়াই বা তাৰ পিছত অবিলম্বে বা লাহে ধীৰে নিজৰ নিজৰ অঞ্চলত দাসপ্ৰথা বিলোপ সাধনৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।......

 ১৮৬৩ খৃষ্টাব্দৰ পহিল জানুৱাৰীৰ দিনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্ৰোহত লিপ্ত যি কোনো ৰাজ্য অথবা ৰাজ্যৰ অংশবিশেষত দাসহিচাবে ৰখা লোকসকল স্বাধীন হব আৰু চিৰদিন স্বাধীন হৈয়েই থাকিব আৰু সামৰিক আৰু নৌ-কৰ্ত্তৃপক্ষকে ধৰি যুক্তৰাষ্ট্ৰৰ কাৰ্য্যনিৰ্ব্বাহক চৰকাৰে এনেকুৱা লোকসকলৰ স্বাধীনতা স্বীকাৰ কৰিব আৰু তেওঁলোকক প্ৰকৃত স্বাধীনতা লাভৰ প্ৰচেষ্টাত সহায় কৰিব...

 

ঈশ্বৰৰ অভিপ্ৰেত

 

 এনেকি হোৱাইট্ হাউচত থকা কালছোৱাতো লিঙ্কনে তেওঁৰ চিন্তাধাৰাৰ বিষয় বস্তুবোৰ লিখি ৰাখিছিল। যেতিয়া এখনৰ পিছত এখনকৈ যুদ্ধত হাৰি হতাশহৈ পৰিলে তেতিয়া তেওঁ ১৮৬২ চনৰ চেপ্টেম্বৰৰ দিনাখন ভগবানৰ অভিপ্ৰায়ৰ বিষয়ে কিছুমান কথা লিখে।

 

 ভগবানৰ ইচ্ছাৰেই জয় হয়। ডাঙৰ ডাঙৰ প্ৰতিযোগিতাত প্ৰত্যেক দলে ভগবানৰ ইচ্ছানুযায়ী কাম করিছে বুলি দাবী কৰে। দুয়ো ভুল নহলেও এটা দল নিশ্চয় ভুল হবই। ভগবান একেসময়তে একেটা বস্তুৰ সপক্ষে আৰু বিপক্ষে যাব নোৱাৰে। বৰ্ত্তমানৰ এই গৃহযুদ্ধত ভগবানৰ কিবা বেলেগ উদ্দেশ্য নিহিত থকাটো সম্ভৱ যিটো দুটাদলৰ কোনোটোৰে উদ্দেশ্য নহয়। আৰু তথাপিও ভগবানৰ মানুহৰূপী এই যন্ত্ৰীসকল
৪৪