পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেসিডেণ্টৰূপে কাৰ্যকাল

কৰে আৰু অৱশেষত তেওঁক সহায় কৰিবলৈ এজন মানুহ ভাড়া কবে। এইটোৱেই ন্যায়, উদাৰ আৰু উন্নত উপায়। এয়েই সকলোফাললৈ বাট মুকলি কৰি দিয়ে— সকলোৰে মনত আশাৰ সঞ্চাৰ কৰে যাৰ ফলত কৰ্ম্মশক্তি বাঢ়ে, অগ্ৰগতিৰ পথত সহায় হয় আৰু সকলোৰে অৱস্থাৰ উন্নতি হয়। যিবোৰ মানুহে নিজে পৰিশ্ৰম কৰি দৈন্যতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হয় আৰু যিবোৰ মানুহ নিজৰ সদুপাৰ্জিত ধনৰ বাহিৰে লোকৰ বস্তুৰ ওপৰত চকু নিদিয়ে তেওঁলোকতকৈ আন কোনো মানুহেই বেছি বিশ্বাসভাজন হব নোৱাৰে......।

 

ফেডাৰেল ডিষ্ট্ৰিক্টৰ দাসবোৰৰ মুক্তি

 

 ১৮৬২ চনৰ এপ্ৰিবমাহত ফেডাৰেল ডিষ্ট্ৰীক্টৰ দাসবোৰক মুক্তি দিয়া হয়। দাসপ্ৰথা বিলোপৰ পথত এয়েই প্ৰথম পদক্ষেপ বুলি কব পাৰি। লিঙ্কনে ততাতৈয়াকৈ আইনখন চহী কৰে আৰু কংগ্ৰেছত ঘোষণা কৰে।

 

চিনেট আৰু প্ৰতিনিধি সভাৰ সদস্যসকল :

 “কলম্বিয়া জিলাৰ কিছুমান মানুহ বা বনুৱাক কামৰ পৰা মুক্তি দিয়াৰ আইন”— এই শীৰ্ষক আইনখন অনুমোদিত আৰু স্বাক্ষৰিত হল।

 এই জিলাত দাসপ্ৰথা বিলোপ কৰি দিয়াত কংগ্ৰেছৰ যে সাংবিধানিক অধিকাৰ আছে তাত মই কেতিয়াও সন্দেহ কৰা নাই। আৰু এই জাতীয় ৰাজধানী কিবা সন্তোষজনক উপায়েৰে দাসপ্ৰথাৰ পৰা মুক্ত হব বুলি মই সদায় আশা করিছিলোঁ। গতিকে এই বিষয় লৈ মোৰ মনত কোনো প্ৰশ্নই দেখা দিয়া নাছিল। এটা মাত্ৰ কথা মনলৈ আহিছিল যে সকলো পৰিস্থিতিকেই বিবেচনা কৰি কিমান দ্ৰুতভাবে এই প্ৰথা বিলোপ সাধন কৰা যায়। এই কাম সংক্ৰান্ত কোনো বিষয় যদি মোৰ বিচাৰতকৈও বেছি সন্তোষজনক ভাৱে আগবাঢ়িছে তাক মই বিশেষভাবে উল্লেখ কৰিবলৈ নিবিচাৰোঁ।

 

(দাসসকলৰ) মুক্তিৰ ঘোষণা পত্ৰ

 

 ১৮৬২ চনৰ ২২ চেপ্টেম্বৰৰ দিনা লিঙ্কনে তেওঁৰ মন্ত্ৰীসভার বৈঠক আহ্বান কৰে আৰু বৈঠকত এখন দলিল পাঠ কৰি শুনায়। দলিলখন তেওঁ নিজেই যুগুত করছিল। এইখনেই হল গুৰুত্বপূৰ্ণ (দাসসকলৰ) মুক্তি ঘোষণা পত্ৰ।

 

৪৩