পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী

কোনো অজুহাত নেদেখুৱাকৈ স্বেচ্ছাচাৰীভাৱে নিজৰ চৰকাৰৰ ভাঙি থানবান কৰি দি পৃথিবীত প্ৰকৃততে স্বাধীন চৰকাৰৰ মষিমূৰ কৰি দিব পাৰেনে নোৱাৰে। আমি এই প্ৰশ্ন কৰিবলৈ বাধ্য হৈছোঁ: “আটাইবোৰ গণৰাজ্যতেই এনেকুৱা জন্মগত আৰু মাৰাত্মক দুৰ্ব্বলতা আছে নে?” “চৰকাৰ এটাই প্ৰয়োজনবশত: দেশবাসীৰ স্বাধীনতাৰ কাৰণে অতি শক্তিশালী হব লাগে নে নিজৰ অস্তিত্ব বজায় ৰাখিবলৈ অতি দুৰ্ব্বল হৱ লাগে।”

 প্ৰশ্নটো এইফালৰ পৰা বিবেচনা কৰিলে চৰকাৰৰ সমৰশক্তিক জগাই তোলাৰ বাহিৰে আন কোনো পন্থা দেখিবলৈ পোৱা নেযায়। ইয়াৰ অৰ্থ হল এয়ে যে চৰকাৰক ধ্বংস কৰিবলৈ অহা শক্তিক প্ৰতিৰোধ কৰিব লাগে আৰু নিজৰ অস্তিত্ব বজায় ৰাখিবলৈ শক্তিপ্ৰয়োগ কৰিব লাগে।......

 আমাৰ জনপ্ৰিয় চৰকাৰক প্ৰায়েই পৰীক্ষামূলক বুলি কোৱা হয়। আমাৰ ৰাইজে ইতিমধ্যে দুটা প্ৰশ্নৰ মীমাংসা করিছে— সফলজনকভাবে জনপ্ৰিয় চৰকাৰ প্ৰতিষ্ঠা আৰু ইয়াৰ পৰিচালনা। এটা প্ৰশ্নৰ এতিয়াও মীমাংসা কৰিবলৈ বাকী আছে— এই চৰকাৰক ওফৰাই দিবলৈ কৰা আভ্যন্তৰীণ ভীষণ প্ৰচেষ্টাৰ বিৰুদ্ধে সফলজনক ভাবে ইয়াক অব্যাহত ৰখা। এতিয়া ৰাইজে বিশ্ববাসীকে দেখুৱাই দিব লাগে যে যিসকল লোকে সুকলমে নিৰ্ব্বাচন চলাব পাৰে তেওঁলোকে বিদ্ৰোহ দমনো কৰিব পাৰে: গুলীতকৈ বেলট-কাকতৰ অধিকাৰ বেছি আৰু শান্তিপূৰ্ণ। আৰু বেলট কাকতে যি প্ৰশ্নই ন্যায়সঙ্গত আৰু সংবিধান সম্মত ভাবে মীমাংসা কৰিব নোৱাৰি: পিছৰ নিৰ্ব্বাচনবোৰত বেলট-কাকতৰ দ্বাৰাহে পুনৰ এই প্ৰশ্নলৈ বিচাৰ কৰিব পাৰি, তাৰ বাহিৰে আন কোনো সফলজনক পন্থা নাই। এইটোৱেই হল শান্তিৰ মহান্ দৃষ্টান্ত। ইয়াৰ পৰা মানুহে শিকিব পাৰিব যে নিৰ্ব্বাচনেৰে যি সাফল্যলাভ কৰিব নোৱাৰি যুদ্ধৰ দ্বাৰাও তাক পৰা নেযাব। যুদ্ধ এখন আৰম্ভ কৰাটো যে কিমা মূৰ্খালিৰ পৰিচায়ক তাক মানুহে বুজিব পাৰিব......

 

প্ৰাৰ্থণা কৰিবলৈ ঘোষণা জাৰী

 

 দেশত গৃহযুদ্ধৰ ছাঁ বিয়পি পৰিবলৈ আৰম্ভ কৰিলে। এই দুখলগা অথচ বাস্তৱ ঘঠনা অনুভূত হৈ অহাৰ লগে লগে লিঙ্কনে জাতীয় অনশন আৰু প্ৰাৰ্থনাৰ দিন এটাৰ কাৰণে আহ্বান জনায়।

 

 মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰেসিডেণ্টৰ দ্বাৰা ঘোষিত:

ঘোষণা পত্ৰ

 যিহেতু, কংগ্ৰেছৰ উভয় সদনৰ যুটীয়া কমিটি এখনৰ সদস্য সকলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেণ্টৰ লগত সাক্ষাৎ কৰিছে আৰু যুক্তৰাষ্ট্ৰৰ ৰাইজে ধৰ্ম্মীয় অনুষ্ঠান সহকাৰে পালন
৪০