বিতৰ্কেৰ সময়য়াছোৱা
তেওঁলোকৰ কথাত সৈমান যাম কেলেই? তেওঁলোকৰ মতামতৰ সপক্ষে আমাৰ নিজৰ মতামতৰ বিপক্ষে আমি ভোট দিব পাৰোঁনে? আমাৰোতো নৈতিক, সামাজিক আৰু ৰাজনৈতিক দায়িত্ব আছে।
দাসপ্ৰথা ভুলবুলি ভাবিলেও যিবোৰ ঠাইত দাসপ্ৰথা চলি আছে সেইবোৰত চলি থকাত আমি আপত্তি নকৰিব পাৰোঁ কিয়নো দেশৰ কিছুমান ঠাইত এই ব্যৱস্থা প্ৰকৃততে চলিয়েই আছে। কিন্তু আমাৰ ভোটৰ সকলৰ আপত্তি সত্ত্বেও জাতীয় অঞ্চল সমূহত দাসপ্ৰথা সম্প্ৰসাৰিত হবলৈ আৰু এই স্বাধীন ৰাজ্যবোৰত এই প্ৰথাক আমাৰ ওপৰত প্ৰভুত্ব কৰিবলৈ দিব পাৰোঁ জানো? যদি আমাৰ কৰ্ত্তব্যজ্ঞানে এই কামত আমাক বাধা দিয়ে তেনেহলে নিৰ্ভীক আৰু কাৰ্য্যকৰী ভাবে আমাৰ কৰ্ত্তব্যত অচল অটল থাকোঁ আহক। ভুল আৰু নিৰ্ভুলৰ মাজত মধ্যপন্থা বিচৰাৰ দৰে, কূট অথচ ভ্ৰান্ত প্ৰথাৰে আমাৰ মন আনফালে ঢাল নিয়াব নেলাগে। এনে কৰাটো ব্যৰ্থ শ্ৰমহে হব। কিয়নো জীৱন্তও নহয়, মৃতও নহয় এনেকুৱা মানুহ বিচাৰি উলিওৱাৰ নিচিনা প্ৰচেষ্টা পণ্ডশ্ৰমহে। এনেকুৱা নীতিৰ অৰ্থ হৈছে— প্ৰকৃত মানুহে যিবোৰ প্ৰশ্নলৈ চিন্তা কৰে সেইবোৰ প্ৰশ্নত বেপৰোৱা থকা। ইয়াৰ অৰ্থ হব ষিবোৰ ক্ষেত্ৰত ইউনিয়নে ৰাইজৰ মাজত প্ৰকৃত ঐক্য প্ৰতিষ্ঠাৰ আহ্বান জানায় সেইবোৰ ক্ষেত্ৰত অনৈক্য মানি লোৱা আৰু পবিত্ৰ আইনক থানবান কৰি দিয়া আৰু পাপীসকলক নহয়— পুণ্যবান সকলকহে অনুতাপ কৰিবলৈ আহ্বান জনোৱা। অৰ্থাৎ ৱাশ্বিংটনে যি কৈছিল বা কৰিছিল তাকে নকবলৈ বা নকৰিবলৈ ৰাইজৰ ওচৰত আহ্বান জনোৱাৰ বাবে বাশ্বিংটনৰ ওচৰতেই প্ৰাৰ্থনা কৰা।
মিছা অভিযোগৰ দ্বাৰা যেন আমি কৰ্ত্তব্যচ্যুত নহওঁ। চৰকাৰৰ পতন আৰু নিজে শাস্তি পোৱাৰ ভয়তো যেন আমি আতঙ্কিত নহওঁ। এই কথাত যেন আমি বিশ্বাস নেহেৰুৱাওঁ যে ন্যায়পৰায়ণতাই শক্তিৰ উৎস আৰু এই বিশ্বাসকেই সাৰোগত কৰি যিটো আমি কৰ্ত্তব্য বুলি উপলব্ধি কৰোঁ তাত যেন শেষলৈকেও অচল-অটল থাকোঁ।
৩৩