বিতৰ্কেৰ সময়ছোৱা
নহয়, চুলি থিয় আৰু ক’লা আৰু চকুজুৰি ধোঁৱা বৰণীয়া-আন কোনো বিশেষত্ব মনত নপৰে।
ৰাষ্ট্ৰশাসন-দৰ্শন
লিঙ্কনে ৰাষ্ট্ৰ শাসন দৰ্শনত বিশেষকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰযোজ্য এই দৰ্শনৰ প্ৰতি যথেষ্ট ধিয়ান দিছিল। তেওঁৰ টোকা এটাত এই বিষয়ত তেওঁৰ চিন্তাধাৰা প্ৰকাশ পাইছে। ১৮৬০ চনত এই টোকাটো লিখা হৈছিল বুলি অনুমান হয়।
এই আটাইবোৰেই হঠাতে হৈ উঠা নাই, ইয়াৰ মূলতে আছে দৰ্শনসন্মত কাৰণ। সংবিধান আৰু ইউনিয়ন ব্যতিৰেকে আমি এই সুফল লাভ কৰিব নোৱাৰিলোঁহেঁতন। কিন্তু এইবোৰৰ আমাৰ বিৰাট সমৃদ্ধিৰ প্ৰাথমিক কাৰণ নহয়। ইয়াৰ মূলতে লুকাই আছে এনে কিবা এটি,— যিটো মানুহয় অন্তৰৰ লগত ওতপ্ৰোত ভাৱে জড়িত। সেইটোৱে হৈছে স্বাধীনতাৰ আদৰ্শ— যি স্বাধীনতা উপভোগ কৰিবলৈ সকলোৰে অধিকাৰ আছে; যি স্বাধীনতাৰ আদৰ্শই সকলোৰে উদ্গতিৰ পথ মুক্ত কৰি দিয়ে, সকলোৰে বুকুত আশাৰ সঞ্চাৰ কৰে আৰু তাৰ ফল স্বৰূপে সকলোৱে উদ্যোগী, উৎসাহী হৈ মাতৃভূমিক শিল্পসমৃদ্ধ কৰিব খোজে।
আমাৰ স্বাধীনতা ঘোষণাপত্ৰত এই আদৰ্শৰ প্ৰকাশ অতি সন্তোষ আৰু সৌভাগ্যৰ পৰিচয়। এই আদৰ্শ আগত ৰাখি বা নেৰাখি আমি গ্ৰেটব্ৰিটেনেৰ হাতৰ পৰা আমাৰ স্বাধীনতা ঘোষণা কৰিব পাৰিলোঁহেঁতেন। কিন্তু এই আদৰ্শ ব্যতিৰেকে মোৰ মতে আমি আমাৰ স্বাধীন চৰকাৰ প্ৰতিষ্ঠা কৰিব আৰু তাৰ ফলত সমৃদ্ধিলাভ কৰিব নোৱাৰিলোঁহেঁতেন। অকল শাসকৰ সালসলনিৰ বাহিৰে আন কিবা মঙ্গলৰ আশা নোহোৱা হলে আমাৰ পূৰ্ব্বপুৰুষসকলৰ দৰে আন কোনো নিপীড়িত জাতিয়ে যুদ্ধ নকৰিলেহেঁতেন আৰু দুখদুৰ্গতি সহ্য কৰি নেথাকিলেহেঁতন।
তেতিয়াৰ দিনত এই আদৰ্শ গ্ৰহণে দূৰদৰ্শিতাৰ পৰিচয় দিয়ে। আৰু আজি আমি তাৰ সুফল উপভোগ কৰিছোঁ। এই আদৰ্শক ৰূপায়িত কৰা হৈছে আমাৰ বহুমূলীয়া ইউনিয়ন আৰু সংবিধানত। এই আদৰ্শক লুকাই ৰাখিবলৈ বা নষ্ট কৰি দিবলৈ তেনে কৰা হোৱা নাছিল— তাৰ যথাযোগ্য মৰ্য্যাদা দিবলৈ আৰু অটুট ৰাখিবলৈহে আমাৰ ইউনিয়ন আৰু সংবিধানত তাক ৰূপায়িত কৰি তোলা হৈছে। আদৰ্শৰ কাৰনেহে এই ৰূপায়ণ, ৰূপায়ণৰ কাৰণে এই আদৰ্শ নহয়।
গতিকে ৰূপায়ণ অথবা আদৰ্শ কোনোটোৱেই হাতে নষ্ট নহয় তাৰহকে যত্ন কৰোঁ আহক।
৩১