পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এব্ৰাহাম লিঙ্কনেৰ ৱক্তৃতাৱলী

 এইটো সচাঁ‌ বুলি ধৰি লোৱা যক যে নিগ্ৰোসকল প্ৰকৃতিৰ দানত বগাসকলতকৈ নিকৃষ্ট। এই যুক্তিৰ আলমলৈ নিগ্ৰোসকলে যিখিনি পাইছে তাৰ কোনো অংশ বগাসকলে কাঢ়িলোৱাটো জানো ঠিক ওলোটা বিচাৰ নহয়? ‘যি অভাৱী তাক দিয়া’ এইটোৱেই হল খৃষ্টানসকলৰ দানৰ নীতি। কিন্তু ‘যি অভাৱী তাৰ পৰা কাঢ়ি লোৱা’ এইটো হল দাসপ্ৰথাৰ নীতি।

 দাসপ্ৰথাৰ সমৰ্থক ধৰ্ম্মমতৰ মূল কথা হল এইটো— “দাসপ্ৰথা সাৰ্ব্বজনীন অধিকাৰ নহয়, আৰু সাৰ্ব্বজনীন অন্যায়ও নহয়। কিছুমান মানুহৰ কাৰণে দাস হোৱাটো ভাল আৰু তেনেবোৰ ক্ষেত্ৰত সিহঁত দাস হোৱাটো ভগবানৰ ইচ্ছা।"

 নিশ্চয় ভগবানৰ ইচ্ছাৰ ওপৰত কাৰো হাত নাই; কিন্তু এইটো নিৰ্ধাৰণ কৰা আৰু কোনো নিৰ্দিষ্ট ক্ষেত্ৰত খটোৱাত অলপ অসুবিধা আছে। উদাহৰণ স্বৰূপে ধৰিলোৱা যক— ৰেভাৰেণ্ড ডাঃ ৰোছৰ শ্বাম্বো নামেৰে এজনা দাস আছে। এতিয়া কথা হল— “শ্বাম্বো দাস হৈয়েই থাকিব নে মুক্তিলাভ কৰিব— কোনটো ভগবানৰ ইচ্ছা? সৰ্ব্বশক্তিমান্ ভগবানে আমি শুনিবপৰাকৈ এই প্ৰশ্নৰ উত্তৰ নিদিয়ে। ভগবানৰ প্ৰত্যাদেশ— বাইবেলো ইয়াৰ উত্তৰ নিদিয়ে আৰু অন্ততঃ বিতৰ্কমূলক উত্তৰৰ বাহিৰে এই বিষয়ে কোনো নিশ্চিত উত্তৰ দিব নোৱাৰে। এই বিষয়ে শ্বাম্বেৰ অভিমত লোৱাৰ কথা কোনেও নেভাবে। গতিকে শেহত গৈ এই খিনি গোৱা হল যে ডাঃ ৰোছেই এই প্ৰশ্নৰ সিদ্ধান্ত লব লাগে আৰু টেংটেঙীয়া ৰদত মূৰৰ ঘাম ভৰিত পেলাই অৰ্জন কৰা শ্বাম্বোৰ ৰুটিৰ ওপৰতেই জীৱন নিৰ্ব্বাহ কৰি, হাতমোজা পিন্ধি, ছাঁ‌ত আৰামে বহি লৈ তেওঁ এই সিদ্ধান্তৰ কথা বিবেচনা কৰিব লাগে। তেওঁ যদি এই সিদ্ধান্তলৈ আহে যে শ্বাম্বো দাসহৈ থকাটো ভগবানৰ অভিপ্ৰেত, তেন্তে সেই সিন্ধান্তৰ পৰা তেওঁৰ নিজৰ আৰামদায়ক অৱস্থাটো ৰক্ষা কৰাৰ সুবিধা হয়। কিন্তু যদি এই সিদ্ধান্তলৈ আহে যে শ্বাম্বো মুক্ত হোৱাটোৱেই ভগবানৰ অভিপ্ৰেত, তেন্তে তেওঁ ছাঁ‌ৰ পৰা ওলাই গৈ হাতমোজা খুলি থৈ পেটৰ ভাত মোকলাবলৈ পৰিশ্ৰম কৰিবলগাত পাৰে। পক্ষপাতিত্বহীন সঠিক সিদ্ধান্তলৈ অহাত ডাঃ ৰোছৰ সুমতি হবনে?

 কিন্তু কিছুমান মানুহৰ কাৰণে দাস প্ৰথা ভাল!!! ভাল বস্তু হিচাবে দাস প্ৰথাৰ মনকৰিবলগীয়া আচৰিত কথা এয়ে যে— এইটো এনে ভাল বস্তু যাক কোনেও নিজৰ বেলিকা পাবলৈ আশা নকৰে।

 অৰ্থহীন কথা! কুকুৰনেচীয়া বাঘে ছাগলী খায় তাৰ লুভীয়া পেটৰ কাৰণে নহয়— কিন্তু ছাগলীৰ ভালৰ কাৰণেহে!!!

 

প্ৰেচিডেণ্ট পদৰ বিষয়ে এখন চিঠি

 

 মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিনেটত ১৮৫৮ চনত লিঙ্কনে ডগলাচৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল। ৰাজ্য বিধানসভাই তেওঁক নিৰ্ব্বাচন নকৰিলে সঁচা, কিন্তু


২৬