পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিতৰ্কৰ সময়ছোৱা

 দাসপ্ৰথা সম্পৰ্কীয় অভিযানৰ সমাপ্তি ঘটাবলৈ অঙ্গীকাৰ কৰি আৰু প্ৰতিশ্ৰুতি দি যি নীতি গ্ৰহণ কৰিছিলোঁ আজি সেই নীতি গ্ৰহণৰ পঞ্চম বছৰ চলিছে।

 এই নীতি গ্ৰহণ কৰা সত্ত্বেও উক্ত অভিযান বন্ধ হোৱা দূৰৰ কথা, বৃদ্ধিই পাইছে।

 মোৰ মতে এটা সঙ্কটত উপনীত নোহোৱা লৈকে আৰু তাক পাৰ হৈ নোয়াৱালৈকে এই অভিযান বন্ধ নহয়।

 “স্ববিৰোধী বিধানমণ্ডল চিৰস্থায়ী নোৱাৰে।”

 মই বিশ্বাস কৰোঁ‌ এই চৰকাৰে অৰ্দ্ধদাসত্ব আৰু স্বাধীনতা স্থায়ীভাবে প্ৰৱৰ্তিত হোৱাটো সহ্য কৰিব নোৱাৰে।

 ইউনিয়ন ভঙ্গ হৈ যোৱাটো অথবা বিধান মণ্ডলৰ পতন হোৱাটো মই আশা নকৰোঁ। মই ইয়াকে আশা কৰোঁ‌ ইউনিয়ন আৰু বিধান মণ্ডলত এই বিষয়লৈ বহুমত নেথাকিব।

 ইউনিয়ন আৰু বিধান মণ্ডল অনুকূলে বা প্ৰতিকূলে একমত হব।

 হয় দাসপ্ৰথাৰ বিৰোধী সকল ইয়াৰ সম্প্ৰসাৰণ বন্ধ কৰাত সক্ষম হব আৰু দাসপ্ৰথা শেষত গৈ নিৰ্ম্মূল হব ৰাইজৰ মনত এনেকুৱা বিশ্বাস আনিব পাৰিব অথবা দাসপ্ৰথাৰ সমৰ্থক সকলে ইয়াৰ আৰু সম্প্ৰসাৰণ কৰি নতুন আৰু পুৰণি, উত্তৰ আৰু দক্ষিণ আটাইবোৰ ৰাজ্যতে এই প্ৰথা বৈধ কৰি তুলিব পাৰিব।

 

দাসপ্ৰথা সম্পৰ্কে বিস্তাৰিত অভিমত

 

 ‘বিভক্ত বিধানমণ্ডল’ শীৰ্ষক অগ্নিময়ী ভাষণৰ পিছতেই বহুতেই লিঙ্কনক গৰিহনা দিবলৈ আৰম্ভ কৰিলে। তেওঁৰ পুৰণি ৰাজনৈতিক প্ৰতিদ্বন্দ্বী চিনেটৰ ডগলাচ এওঁলোকৰ ভিতৰত অন্যতম। সেই বছৰৰে জুলাই মাহত চিকাগোত দিয়া এটা ভাষণেৰে লিঙ্কনে তেওঁৰ অভিমত বিস্তাৰিতভাৱে ব্যাখ্যা কৰে।

 

 ......মই এই কথা নজনা নহওঁ যে যোৱা ৮২ বছৰ ধৰি এই চৰকাৰে অৰ্দ্ধদাসত্ব আৰু অৰ্ধস্বাধীনতা সহ্য কৰি আহিছে। এই কথা মই ভালদৰেই জানোঁ। দেশৰ বুৰঞ্জীৰ লগত মোৰ ভাল পৰিচয় আছে আৰু নই জানোঁ দেশে ৮২ বছৰ ধৰি অৰ্দ্ধদাসত্ব আৰু অৰ্দ্ধস্বাধীনতা সহ্য কৰিছে। ইয়াৰ দ্বাৰা মই ইয়াকে বুজাব খোজোঁ যে, মোৰ বিশ্বাস, দেশৰ এই সহনশীলতাৰ কাৰণ এয়ে যে ‘নেব্ৰাস্কা বিল’ৰ প্ৰবৰ্ত্তনলৈকে এই গোটেইখিনি সময় ধৰি ৰাইজে এই আশাতেই নিমাত হৈ আছিল যে দাসপ্ৰথাৰ এদিন বিলোপ হবই। এই কাৰণেই যোৱা

২৩