পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিতৰ্কৰ সময়ছোৱা

মূলক কৰি তোলে, কিয়নো ইয়াৰ দ্বাৰা নিগ্ৰোসকলৰ অধিকাৰ বহুলাংশে খৰ্ব্ব কৰা হৈছিল। সেই বছৰৰ জুন মাহৰ এখন ৰাজহুৱা সভাত লিঙ্কনে আকৌ চিনেটৰ ডগলাচৰ যুক্তিৰ উত্তৰত মানুহৰ সমান অধিকাৰৰ বিষয়ে তেওঁৰ ব্যক্তিগত অভিমতকেই দাঙি ধৰে।

 ......বিচাৰপতি ডগলাচে দেখিবলৈ পাইছে যে ৰিপাব্লিকানসকলৰ মতে বগা কলা সকলো মানুহেই স্বাধীনতাৰ ঘোষণা পত্ৰৰ পৰিধিৰ ভিতৰত পৰে। ডগলাচে লগতে দৃঢ়তাৰে এই কথাৰ আপত্তি কৰি কয় যে, নিগ্ৰোসকল কোনোদিনেই এই ঘোষণাপত্ৰৰ ভিতৰত নপৰে। তেওঁ আকৌ গহীন হৈ যুক্তি দেখুৱায় যে নিগ্ৰোসকলৰ বিষয়ে কিছুমানে তেনে ভাৱ পোষণ কৰাৰ কাৰণ হল— তেওঁলোকে নিগ্ৰোৰ লগত ভোট দিবলৈ, খাবলৈ, শুবলৈ আৰু বিয়া-বাৰু কৰাবলৈ ইচ্ছা কৰে। তেওঁ এই যুক্তি দেখুওৱাটো স্বাভাবিক, কিয়নো আন কোনো যুক্তিয়েই নেখাটে। এতিয়া মই তেওঁৰ কৃত্ৰিম যুক্তিৰ প্ৰতিবাদ কৰোঁ‌। তেওঁৰ যুক্তিয়ে এই সিদ্ধান্তলৈকে আনি দিয়ে যে যিহেতু মই এগৰাকী নিগ্ৰো তিৰোতাক দাসী হিচাবে লব নোখোজোঁ‌, সেইহেতুকে তেওঁক মই মোৰ ঘৈনীয়েক হিচাবে পাবলৈ নিশ্চয় আশা কৰো। এই কোনো এটাৰ কাৰণেও মই নিগ্ৰো তিৰোতা বিচৰা নাই। কোনো কোনো বিষয়ত নিগ্ৰো তিৰোতা এগৰাকী নিশ্চয় মোৰ সমতুল্য নহয়, কিন্তু কাৰো অনুমতি নোলোৱাকৈ নিজে স্বাধীনভাৱে কাম কৰি খোৱাৰ স্বাভাবিক অধিকাৰখিনি তেওঁৰ নিশ্চয় আছে। এই বিষয়ে তেওঁ মোৰ- লগত আৰু আন আন সকলোৰে লগত সমান।

 ......প্ৰধান ৰিচাৰপতি টেনীয়ে ‘ড্ৰেড্ স্কট্ কেচ’ত কয় যে, ঘোষণাপত্ৰেৰ ভাষা এনে পৰিব্যাপ্ত যে পৃথিবীৰ গোটেই মানুহ জাতিকেই ইয়াৰ পৰিধিৰ ভিতৰত ধৰি লব পাৰি। কিন্তু তেওঁ আৰু বিচাৰপতি ডগলাচে যুক্তি দেখুৱাই কয়, এই দলিল ৰচোঁতাসকলে নিগ্ৰোসকলক ইয়াৰ ভিতৰত ধৰিবলৈ ইচ্ছা কৰা নাছিল আৰু তেনে কৰাহেঁতেন প্ৰকৃততে নিগ্ৰোসকলক বগাসকলৰ লগত তেতিয়াই সমান অধিকাৰ দিলেহেঁতেন। এই গুৰুত্বপূৰ্ণ যুক্তিটোকো ফঁহিয়াই চালে তেনেই অন্তঃসাৰশূন্য হৈ পৰে। কিয়নো তেওঁলোকে বগালোক সকলকো তেতিয়াই তেতিয়াই এনেকি পিছত প্ৰকৃততে এজন বগা আনজনৰ সমান বুলি ঘোষণা কৰা নাই আৰু তেওঁলোকৰ এই প্ৰধান যুক্তিটোকে দেখুৱাই প্ৰধান বিচাৰপতি আৰু চিনেটৰে ঘোষণাপত্ৰৰ সৰল আৰু নিৰ্ভুল ভাষাৰ অপব্যৱহাৰ কৰিবলৈ ওলাইছে। মোৰ বোধেৰে এই বিখ্যাত দলিলখনি ৰচোঁ‌তাসকলে সকলো মানুহকেই ইয়াৰ পৰিধিৰ ভিতৰত ৰাখিবলৈ ইচ্ছা কৰিছিল কিন্তু তেওঁলোকে সকলো মানুহ সকলো বিষয়তে সমান বুলি ঘোষণা কৰিবলৈ বিচৰা নাছিল। তেওঁলোকে ইয়াকো কবলৈ বিচৰা নাছিল যে ৰং, আকাৰ, বুদ্ধি, নৈতিক উন্নতি আৰু সামাজিক দক্ষতা ইত্যাদিবোৰ বিষষত সকলো মানুহ সমান। কোনো কোনো বিষয়ত মানুহ সমান এই কথা সুস্পষ্টভাৱে ব্যাখ্যা কৰি তেওঁলোকে কৈছে যে— “জীৱন, স্বাধীনতা আৰু সুখ শান্তিৰ প্ৰচেষ্টাত মানুহৰ সদায় অবিচ্ছেদ্য অধিকাৰ আছে।” এইটোকে তেওেঁলাকে বুজিছিল আৰু তেওঁলোকৰ উদ্দেশ্যও আছিল এয়েই। তেতিয়া

২১