পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিতৰ্কৰ সময়ছোৱা

তুমি কৈছাঁ ৰাজনৈতিক কৰ্ম্মপন্থাত এতিয়া তুমি আৰু মই একমত হব নোৱাৰিম। আমাৰ মাজত মতৰ মিল নহব পাৰে, কিন্তু তুমি যিমান বেছি ভাবিছাঁ সিমান নহয়। তুমি জানা, মই দাসপ্ৰথা ভাল নেপাওঁ; আৰু এই প্ৰথা যে মূলতঃ অবৈধ, তাক তুমিও স্বীকাৰ কৰা। এই বিষয়ে আমি দুয়ো একমত। তুমি কৈছাঁ আনৰ নিৰ্দ্দেশত বিশেষকৈ যিসকলৰ ইয়াত কোনো স্বাৰ্থ জড়িত নাই তেওঁলোকৰ নিৰ্দ্দেশত দাসবোৰৰ প্ৰতি তোমাৰ আইনসঙ্গত অধিকাৰ বিসৰ্জন দিয়াৰ লগে লগেই যুক্তৰাষ্ট্ৰও থানবান হৈ যাব। মই নেজানোঁ কোনে তোমাক সেই অধিকাৰ বিসৰ্জন দিবলৈ কৈছে– মই নিশ্চয় কোৱা নাই। এই বিষয়ে সম্পূৰ্ণ তোমাৰ ওপৰতেই নিৰ্ভৰ কৰে। দাসবোৰৰ বিষয়ে সংবিধান মতে ময়ো তোমাৰ অধিকাৰ আৰু মোৰ নৈতিক দায়িত্ব স্বীকাৰ কৰোঁ। এই দুৰ্ভগীয়াহঁতক খেদি খেদি ধৰি লৈ আহি হালৰ গৰুৰ দৰে আনৰ কামত লগাবলৈ দেখিলে মই সঁচাকৈ দুখ পাওঁ, কিন্তু মই ওঁঠ কামুৰি নিমাতে থাকোঁ। ১৮৪১ চনত তুমি আৰু মই লুই ভাইলৰ পৰা চেইণ্ট্‌লুইলৈ তৰাং পানীৰ ওপৰেদি জাহাজেৰে যাওঁতে কিমান কষ্ট পাইছিলোঁ তোমাৰ নিশ্চয় মনত আছে। লুই ভাইলৰ পৰা ওহিও নৈৰ মোহনালৈকে জাহাজখনত দহজন অথবা বাৰজন দাসক শিকলিৰে সাঙুৰি থোৱা আছিল। এই হৃদয় বিদাৰক দৃশ্য এতিয়াও মই পাহৰা নাই আৰু যেতিয়াই ওহিও অথবা দাসপ্ৰথা প্ৰচলিত কোনো সীমান্তত পদাৰ্পণ কৰোঁ তেতিয়াই এই দৃশ্যবোৰ মোৰ চকুৰ আগত ভাহি উঠে। যি বিষয়ে মোৰ মনত ইমান দুখ দিছে আৰু এতিয়াও দুখ দি আছে সেই বিষয়ত মোৰ আগ্ৰহ নাই বুলি ধৰি লোৱাটো তোমাৰ পক্ষে ঠিক নহব। উত্তৰ অঞ্চলৰ ৰাইজে সংবিধান আৰু ইউনিয়নৰ প্ৰতি আনুগত্য অটুট ৰাখিবলৈ নিজৰ অনুভূতি যে কিমান বিসৰ্জন দিছে তাৰ শলাগ লোৱাটো উচিত।

 মই এজন ‘নো নাথিং’⁕ নহওঁ— এইটো নিশ্চিত জানিবা। কেনেকৈনো হম? যিজনে নিগ্ৰোৰ ওপৰত অত্যাচাৰ কৰাটো ঘিণায় তেওঁনো কেনেকৈ বগাসকলৰ অধঃপতিত শ্ৰেণী এটাক সমৰ্থন কৰিব? মোৰ অনুমান হয় যেনিবা অধঃপতনৰ ফালে আমি দ্ৰুত গতিত আগবাঢ়িছোঁ। “সকলো মানুহে সমান অধিকাৰ লৈ জন্মিছে” বুলি জাতি হিচাবে আমি সূচনাতেই ঘোষণা কৰিছিলোঁ কিন্তু এতিয়া এই ঘোষণা প্ৰকৃততে আমি এনেকুৱা বুলিহে ধৰি লৈছোঁ যে “নিগ্ৰোসকলৰ বাহিৰে সকলো মানুহে সমান অধিকাৰ লৈ জন্মগ্ৰহণ কৰিছে।” ‘নো নাথিং’ সকলে যদি ক্ষমতা লাভ কৰে তেওঁলোকে আৰু এধাপ উধাব। তেওঁলোকে কব যে, “নিগ্ৰোসকলৰ বাহিৰে আৰু বিদেশী আৰু কেথোলিক সকলৰ বাহিৰে সকলো মানুহে সমান অধিকাৰ লৈ জন্মগ্ৰহণ কৰিছে।” যদি কেতিয়াবা এনেকুৱা হয় তেনেহলে মই আন কোনোবা এখন দেশলৈ গুচি যোৱাটোহে বেছি ভাল পাম– যি দেশ স্বাধীনতা ভাল পায় বুলি ভাও ধৰা নহয়। উদাহৰণ স্বৰূপে ৰুচিয়াৰ কথাই ধৰা। তাত ভণ্ডামিৰ আশ্ৰয় নোলোৱাকে স্বৈৰতন্ত্ৰ পূৰ্ণ পয়ভৰে চলিছে।

তোমাৰ প্ৰিয়বন্ধু 

এ, লিঙ্কন 

 সেই সময়ৰ এটি ক্ষুদ্ৰ, ৰাজনৈতিক দলৰ নাম দিয়া হৈছিল ‘নো নাথিং'। অন্ধবিশ্বাসৰ ওপৰতেই এই দলৰ মতবাদ প্ৰতিষ্ঠিত হৈছিল। অতি সোনকালেই ইয়াৰ অস্তিত্ব নোহোৱা হয়।

 


১৯