এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী
বিচাৰপতি ডগলাচে ঠাট্টা কৰি আমাৰ যুক্তিকেই চমুকৈ কৈছে: “নেব্ৰাস্কাৰ বগালোকসকল নিজকে নিজে শাসন কৰাৰ উপযোগী, কিন্তু কেইটিমান অভাগা নিগ্ৰোৰ শাসনভাৰ গ্ৰহণৰ উপযুক্ত নহয়।”
নেব্ৰাস্কাৰ ৰাইজ আন ঠাইৰ সাধাৰণ ৰাইজৰ দৰেই ভাল আৰু আগলৈকো যে ভাল হৈয়েই থাকিব তাত কোনো সন্দেহ নাই। এই কথাৰ মই প্ৰতিবাদ নকৰো। মই মাথোঁ ইয়াকেই কওঁ— কোনো মানুহেই আন এজনক সেইজনৰ সম্মতি নোহোৱাকৈ শাসন কৰাৰ উপযুক্ত নহয়। মাৰ্কিন গণৰাজ্যিক আদৰ্শৰ এইটোৱেই মূল ভেটি বুলি মই বিবেচনা কৰোঁ। আমাৰ স্বাধীনতা ঘোষণাপত্ৰত কোৱা হৈছে:
“আমি এই কথা স্বতঃসিদ্ধ বুলি ধৰি লৈছোঁ যে, সকলো মানুহেই সমান অধিকাৰ লৈ জন্মগ্ৰহণ কৰিছে। ভগবানে সকলোকে কিছুমান অধিকাৰ দিয়ে। সেই অধিকাৰ বোৰৰ পৰা তেওঁলোকক বিচ্ছিন্ন কৰিব নোৱাৰি। এই অধিকাৰবোৰৰ ভিতৰত আছে জীৱন; স্বাধীনতা আৰু সুখী হোৱাৰ প্ৰচেষ্টা। এই অধিকাৰবোৰ প্ৰতিষ্ঠা কৰিবনৈকে ৰাইজৰ মাজত চৰকাৰ গঠিত হয় আৰু ৰাইজৰ সন্মতিক্ৰমেহে চৰকাৰে ক্ষমতা লাভ কৰে।”
ইমানবোৰ কথা উদ্ধত কৰাৰ উদ্দেশ্য হৈছে— আমাৰ প্ৰাচীন বিশ্বাসমতে ৰাইজৰ সম্মতিক্ৰমেহে চৰকাৰে ন্যায়সম্মত ক্ষমতাবোৰ পাইছে এইটো প্ৰতিপন্ন কৰা। এতিয়া এই প্ৰভু অৰু দাসৰ সম্পৰ্কটো এই নীতির সম্পূৰ্ণ পৰিপন্থী। প্ৰভুৱে অকল যে দাসৰ সম্মতি নোহোৱাকৈয়েই তেওঁক শাসন কৰে এনে নহয়, লগতে এনে কিছুমান আইনেৰে দাসক শাসন কৰে যিবোৰ আইন নিজৰ ওপৰত প্ৰযোজ্য আইনৰ পৰা সম্পূৰ্ণ পৃথক। শাসিত সকলোকেই শাসন পৰিচালনাত নিজৰ অভিমত ব্যক্ত কৰাৰ সমান সুযোগ দিয়ক— সেইটোৱেই হ’ল স্বায়ত্ত-শাসন।
সেইবুলি আপনালোকে ধৰি নলব যে, মই বগা আৰু ক’লা সকলৰ মাজত সমান ৰাজনৈতিক আৰু সামাজিক অধিকাৰ প্ৰতিষ্ঠাৰ হকে যুক্তি দেখুৱাইছোঁ। আগতেই মই ইয়াৰ বিৰুদ্ধে কৈছোঁ। ক’লা লোকসকল আমাৰ মাজত আছে কাৰণে যি প্ৰয়োজনীয়তা দেখা গৈছে তাৰ বাবে যুক্তি আগবঢ়োৱা নাই। মই এটা নৈতিক যুক্তিহে দেখুৱাইছোঁ। ক’লালোকসকলে যি মৰ্য্যাদা এতিয়াও পোৱা নাই তেওঁলোকক সেই মৰ্য্যাদা দিয়াটো নৈতিকতাসঙ্গত। আৰু এই নৈতিকতাবিৰোধি ব্যবহাৰৰহে মই বিৰোধিতা কৰিছোঁ। য’ত এই ব্যৱস্থা এতিয়াও প্ৰচলিত আছে ত’ত যথাসম্ভৱ ইয়াৰ বিৰোধিতা কৰাটো আমাৰ পক্ষে একান্ত প্ৰয়োজনীয়।
দাসপ্ৰথাৰ বিষয়ে : এজন বন্ধুলৈ
১৮৫৫ চনৰ আগস্ট মাহত লিঙ্কনে তেওঁৰ অতি পুৰণি বন্ধু এজনলৈ লিখা চিঠি এখনত দাসপ্ৰথাৰ বিষয়ে তেওঁৰ মনোভাৱ সংযতভাবে বিশ্লেষণ কৰি দেখুৱাইছিল।
স্প্ৰীং ফিল্ড, ২৪ আগস্ট, ১৮৫৫ চনত
মৰমৰ স্পীড্,
তুমি জানা মোৰ চিঠি লিখাৰ অভ্যাস তেনেই কম। তোমাৰ ২২ মে’ৰ মনোৰম
চিঠিখনি পোৱাৰে পৰা মই তাৰ উত্তৰত তোমালৈ লিখিম লিখিম কৰিও লিখা হৈ উঠা নাই।
১৮