বিতৰ্কৰ সময়ছোৱা
তেনেহলে দাসসকলক মানুহ বুলি জ্ঞান নকৰিবলৈ আৰু গাহৰিৰ সমতুল্য বিবেচনা কৰিবলৈ আপোনালোকেনো আমাক কৈছে কেলেই? যি কাম আপোনালোকে নিজেই নকৰে তাকে কৰিবলৈ আমাক পাচিছে কেলেই? ২০০ কোটি ডলাৰৰ লোভত আপোনালোকে যি কাম কৰা নাই আমি নো এনেই সেই কাম কৰিম কেলেই?
‘মিচৌৰী আপোচ’ প্ৰত্যাহাৰ কৰাৰ সপক্ষে এতিয়াও এটা ডাঙৰ যুক্তি দেখুৱাবলৈ বাকী আছে। স্বায়ত্তশাসনৰ পৱিত্ৰ অধিকাৰেই হৈছে এই মহান্ যুক্তি। আমাৰ বিশিষ্ট চিনেটৰ গৰাকীৰ এই যুক্তি তেওঁৰ প্ৰতিদ্বন্দ্বীসকলে আনকি চিনেটতো খণ্ডন কৰাত বৰ অসুবিধা পাইছে যেন অনুমান হয়। কোনোবা এজন কবিয়ে কৈছে—
“জ্ঞানীয়ে যি কামতে হাত দিবলৈ দ্বিধা কৰে; মূৰ্খই তাত জপিয়াই পৰে।”
মানুহে হয়তো মোক উৰ্দ্ধৃত বাক্যৰ মূৰ্খ বুলিয়েই ভাবিব পাৰে, তথাপিও মই এই যুক্তি খণ্ডন কৰিবলৈ ওলাইছোঁ— বিৰোধী পক্ষৰ আগত থিয় হৈছোঁ।
স্বায়ত্ত-শাসনৰ অধিকাৰত মোৰ বিশ্বাস আছে, মই ইয়াক উপলব্ধি কৰোঁ আৰু সঁচাকৈয়ে— ইয়াক মৰ্য্যাদা দিওঁ। প্ৰতিজন মানুহে সম্পূৰ্ণভাবে তেওঁৰ নিজৰ বিষয় সম্পৰ্কত নিজে ইচ্ছানুযায়ী কাম কৰিব লাগে। এইটোৱেই হ’ল ন্যায়ভাৱৰ ভিত্তি আৰু মোৰ ইয়াত পূৰা আস্থা আছে। মানুহ সম্প্ৰদায়ৰ লগেলগে ব্যক্তিবিশেষৰ ক্ষেত্ৰতো মই এই নীতি প্ৰয়োগ কৰিবলৈ বিচাৰোঁ। কিয়নো ৰাজনীতিৰ ফালৰ পৰা এইটো সুনিশ্চিত আদৰ্শ আৰু স্বাভাবিকতে ন্যায়সঙ্গত। যিবোৰ বিষয় লৈ আমাৰ মূৰ ঘমোৱাৰ আৱশ্যক নাই, সেইবোৰৰ পৰা এই নীতিয়ে আমাক আঁতৰাই ৰাখে কাৰণে ই সুনিশ্চিত। ইয়াত অথবা ৱাশ্বিংটনত, ভাৰ্জিনিয়াৰ ‘ওয়্ষ্টাৰ আইন’ অথবা ইণ্ডিয়ানাৰ ‘ক্ৰেনবেৰী আইন’ লৈ মই মূৰ নঘমাওঁ।
স্বায়ত্তশাসনৰ নীতি নিৰ্ভুল— সম্পূৰ্ণ আৰু চিৰন্তন। কিন্তু ইয়াত যিদৰে এই নীতি প্ৰয়োগ কৰা হৈছে ই ঠিক হোৱা নাই। অথবা আনভাবে কবলৈ গলে মই বৰং কোৱা উচিত যে, নিগ্ৰো এজন মানুহ হয়নে নহয়, তাৰ ওপৰতেই এই নীতিৰ প্ৰয়োগ নিৰ্ভৰ কৰে। নিগ্ৰোজন যদি মানুহ নহয়, তেনেহলে স্বায়ত্ত-শাসনৰ অধিকাৰী হিচাবে আন মানুহে নিগ্ৰোজনক লৈ যি ইচ্ছা তাকে কৰিব পাৰে। কিন্তু নিগ্ৰোজন যদি মানুহ হয়, তেনেহলে তেওঁক নিজৰ কাম নিজে চলাবলৈ নিদিয়াৰ দ্বাৰা স্বায়ত্তশাসনৰ নীতি সম্পূৰ্ণভাবে উলাই কৰা নহব জানো? বগা মানুহে নিজৰ কাম নিজে চলোৱাটো হলে স্বায়ত্তশাসন; কিন্তু যেতিয়া তেওঁ নিজৰ কাম চলোৱাৰ লগতে আন এজনৰ ওপৰতো প্ৰভুত্ব চলায়, সেইটো স্বায়ত্ত-শাসনতকৈ বেছি— অৰ্থাৎ স্বৈৰতন্ত্ৰ। নিগ্ৰো এজন যদি মানুহ হয়, তেনেহলেনো আমি এই পুৰণি কথাষাৰ পাহৰি যাওঁ কেলেই যে “সকলো মানুহে সমান অধিকাৰ লৈ জন্মগ্ৰহণ কৰিছে”? এজন মানুহক আন এজনৰ দাস কৰি লোৱা সম্পৰ্কত কোনো ৰকমৰ নৈতিক অধিকাৰ থাকিব নোৱাৰে।
১৭