এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী
আপোনালোকে অনুভৱ কৰা নাছিল, তেনেহলে এই বিষয়ত অপৰাধীসকলক ফাঁচী দিয়াত আপোনালোকে একমত হৈছিল কেলেই? আফ্ৰিকাৰ পৰা ‘বনৰীয়া’ নিগ্ৰোসকলক ধৰি আনি বজাৰত বিক্ৰি কৰাই হৈছে দাস-ব্যৱসায়। কিন্তু বনৰীয়া ঘোঁৰা, ম’হ অথবা ভালুক ধৰি আনি বিক্ৰি কৰিলে ফাঁচী দিয়াৰ কথা আপোনালোকে তো কাহানিও ভবা নাই।
আপোনালোকৰ মাজত ‘দাস বেপাৰী’ বুলি জনাজাত স্থানীয় লোক কিছুমানো আছে। তেওঁলোক নীচ— অত্যাচাৰী। এই শ্ৰেণীৰ লোকে আপোনালোকৰ প্ৰয়োজন বুজি আপোনালোকৰ পৰা ফটকা বজাৰৰ দৰে দাস কিনিবলৈ বিচাৰে। যদি আপুনি নিৰুপায় তেনেহলে আপুনি বিক্ৰি কৰে, নহলে সিহঁতক কুকুৰৰ দৰে খেদি দিয়ে। এই শ্ৰেণীৰ লোকক আপোনালোকে সকলোৱে ঘিনায়। সিহঁতক আপুনি বন্ধু বুলি, এনেকি সৎ বুলিও স্বীকাৰ নকৰে। সিহঁতৰ লৰা-ছোৱালীৰ লগত আপোনালোকৰ লৰা-ছোৱালীক উমলিবলৈ নিদিয়ে। নিগ্ৰো লৰা-ছোৱালীহঁতৰ লগতো আপোনালোকৰ লৰা-ছোৱালীয়ে খেল-ধেমালি কৰাত কোনো বাধা নাই, কিন্তু এই দাস-বেপাৰীবোৰৰ লৰা-ছোৱালীৰ লগত খেল-ধেমালি কৰাত আপত্তি আছে। সিহঁতৰ লগত কিবা কাম কৰাৰ আৱশ্যক হলে সিহঁতক হাতেৰে নুচুৱাকৈ কাম সমাধা কৰিবলৈ বিচাৰে। বাটত কাৰোবাৰ লগত ভেটাভেটি হলে হাত মিলোৱাটো সাধাৰণ কথা। কিন্তু দাস-বেপাৰীৰ লগততো আপুনি হাত নিমিলায়; বৰং সাপৰ নিচিনা জ্ঞান কৰি সিহঁতৰ পৰা আঁতৰত থাকে। সিহঁত যদি ধনীও হয় আৰু বেপাৰৰ পৰা অৱসৰো লয়, তথাপিও আপুনি সিহঁতৰ অতীতৰ কথা নেপাহৰে আৰু আগৰ দৰেই সিহঁত আৰু সিহঁতৰ পৰিয়ালবৰ্গক অস্পৃশ্য জ্ঞান কৰে। ইয়াৰ কাৰণ কি? শইচ্, গৰু, ম’হ বা ধপাতৰ বেপাৰীৰ লগততো আপুনি এনেকুৱা ব্যৱহাৰ নকৰে!
আনহাতে, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু কলম্বিয়া জিলাকে আদি কৰি যুক্তৰাষ্ট্ৰৰ আন আন
অঞ্চলত ৪৩৩,৬৪৩ জন স্বাধীন নিগ্ৰো আছে। তেওঁলোকৰ মূল্য জনমূৰি ৫০০ ডলাৰ
হিচাবত ২০০ কৌটি ডলাৰৰো বেছি হব। ইমান মূল্যৰ সম্পত্তি মালিকবিহীন হৈ আছে
কেনেকৈ? ঘোঁৰা অথবা আন আন পশু মালিকৰিহীন হৈ ঘুৰি ফুৰাতো নেদেখোঁ! এইটো
কেনেকুৱা কথা? এই আটাইবোৰ স্বাধীন নিগ্ৰোৰ দেউতা-ককাদেউতাহঁত দাস আছিল
অথবা তেওঁলোক নিজেই দাস আছিল। এতিয়াও হয়তো তেওঁলোকে দাস হৈয়েই
থাকিলেহেঁতেন কিন্তু তেওঁলোকৰ ‘বগামালিক’ সকল কিবা এটি দিব্যজ্যোতিৰ পৰশ পাই
আৰ্থিক ক্ষতি স্বীকাৰ কৰিও তেওঁলোকক দাসত্বৰ পৰা মুক্তি দিলে। এই কিবাটো কি;
কিবা এটি যে হয় তাত জানোঁ কোনো সন্দেহ আছে? এই আটাইবোৰ ক্ষেত্ৰতে ন্যায়পৰায়ণতা
আৰু মানুহৰ প্ৰতি সমবেদনশীলতাই আপোনাক অহৰহ সোঁৱৰাই দিছে যে বেচেৰা
নিগ্ৰোসকলৰো কিছুমান স্বাভাৱিক অধিকাৰ আছে আৰু যিসকলে এই অধিকাৰ অস্বীকাৰ
কৰে আৰু নিগ্ৰোসকলক পণ্য-সামগ্ৰীৰ নিচিনা ব্যৱহাৰ কৰে তেওঁলোকৰ পক্ষে ঘৃণা আৰু
মৃত্যু বাঞ্ছনীয়।
১৬