পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিতৰ্কৰ সময়ছোৱা

 

দাসত্ব সম্বন্ধে প্ৰথম ভাষণ

 

 ১৮৫৪ চনমানে মাৰ্কিন ৰাজনীতি মহলত দাসত্বৰ প্ৰশ্নটোৱে প্ৰাধান্য লাভ কৰিবলৈ আৰম্ভ কৰে। সেই সময়ত ইউনিয়নৰ পৰিধি পশ্চিমৰ পিনে বাঢ়িবলৈ ধৰিছিল আৰু যিবোৰ নতুন ৰাজ্য ইউনিয়নভূক্ত হৈছিল প্ৰধানকৈ সেইবোৰ ৰাজ্য লৈয়েই দাসত্বৰ প্ৰশ্ন দেখা দিছিল। ১৮৫৪ চনৰ অক্টোবৰ মাহত ইলিনয়চৰ পিয়ৰিয়াত চিনেটৰ ষ্টীফেন্ এ, ডগলাচৰ ভাষণ এটাৰ উত্তৰত লিঙ্কনে এই বিষয় লৈ প্ৰথম গুৰুত্বপূৰ্ণ ভাষণ দিয়ে। পিছৰ কেবাবছৰতো এই চিনেটৰ গৰাকী লিঙ্কনৰ প্ৰধান ৰাজনৈতিক প্ৰতিদ্বন্দ্বী আছিল। এই সভাত ডগলাচৰ দৰে লিঙ্কনেও তিনঘণ্টাৰো অধিক সময় বক্তৃতা দিছিল। তলত উদ্ধত ভাষণখিনিত দাসত্ব সম্পৰ্কে তেওঁৰ মূল চিন্তাধাৰা প্ৰকাশ পাইছে।

 


 “দক্ষিণ অঞ্চলৰ প্ৰতি ন্যায় বিচাৰ” কৰিবলৈ গলে নতুন ৰাজ্যবোৰতো দাসপ্ৰথা প্ৰবৰ্ত্তন কৰাত আমি সম্মত হব লাগে। অৰ্থাৎ মই মোৰ গাহৰিটো লৈ নেব্ৰাস্কালৈ যোৱাত আপুনি আপত্তি নকৰিব আৰু ময়ো আপুনি দাস লগত লৈ অহাত আপত্তি নকৰিম। এইটো তেনেই যুক্তিপূৰ্ণ কথা— মই স্বীকাৰ কৰোঁ, যদিহে গাহৰি আৰু নিগ্ৰোৰ মাজত কোনো পাৰ্থক্য নাই বুলি ধৰি লোৱা হয়। কিন্তু ইয়াকে মানি লবলৈ হলে নিগ্ৰো যে মানুহ নহয়, তাকো মানি লব লাগিব। আপোনালোক দক্ষিণ অঞ্চলবাসীয়ে এই কথা মানি লব জানোঁ? এইটো বৰ সুখৰ কথা যে, আমাৰ ভিতৰত বৰ ক্ষুদ্ৰ অংশ এটাহে স্বভাৱতে অত্যাচাৰী। দাসপ্ৰথা প্ৰৱৰ্ত্তিত হোৱা ৰাজ্যসমূহত এইবিধ লোকৰ সংখ্যা আনবোৰ ৰাজ্যতকৈ সৰহ নহয়। দক্ষিণ আৰু উত্তৰ অঞ্চলৰ সৰহভাগেই মানুহৰ প্ৰতি সমবেদনশীল। তেওঁলোকে নিজৰ দুখৰ দৰে আনৰ দুখতো দুখী হয়। দক্ষিণ অঞ্চলৰ ৰাইজৰ বুকুত লুকাই থকা এই সমবেদনাৰ ভাৱ ভিন ভিন ফালৰ পৰা পৰিস্ফুট হোৱা দেখিবলৈ পাই। তেওঁলোকৰ বিবেকে কয় যে, দাসসকলৰ প্ৰতি অন্যায় কৰা হৈছে আৰু নিগ্ৰোসকলৰো মানৱাত্মা আছে। যদি তেওঁলোকে এই কথা অস্বীকাৰ কৰে, তেনেহলে মই তেওঁলোকক কেইটিমান কথা স্পষ্টভাবে সুধিব খোজোঁ। ১৮২০ চনত আফ্ৰিকান দাস-ব্যৱসায়ক দস্যুতা বুলি ঘোষণা কৰাত আৰু এই অপৰাধৰ কাৰণে মৃত্যুদণ্ড বিহাত আপানালোকে প্ৰায় সৰ্বসম্মতিক্ৰমে উত্তৰাঞ্চলৰ লগত যোগদান কৰিছিল কেলেই? এই দাস-ব্যৱসায় অন্যায় বুলি যদি

১৫