প্ৰথম জীৱনেৰ কথা
ৰাজনৈতিক প্ৰশ্নৰ বিষয়ে
১৮৩৯ চনৰ ডিচেম্বৰ মাহত স্প্ৰীংফিল্ডত প্ৰতিনিধি-সভাৰ হলঘৰত তেতিয়াৰ দিনৰ ৰাজনৈতিক প্ৰশ্ন সম্পৰ্কে লিঙ্কনে ভাষণ এটি দিয়ে। তেতিয়ামানে তেওঁ ৰাজ্যৰ এগৰাকী বিশিষ্ট রাজনৈতিক ব্যক্তি হিচাবে খ্যাতি অৰ্জন কৰিছে। ৩০ বছৰীয়া লিঙ্কনৰ এইটো এটা দলীয় ভাষণ, কিয়নো তেওঁ তেতিয়া সেই যুগর হুইগ্ দলৰ এজন উৎসাহী সদস্য আছিল। এতিয়া আৰু মাৰ্কিন যুক্ত ৰাষ্ট্ৰত সেইদলৰ অস্তিত্ব নাই। তথাপিও এই ভাষণটোত তেওঁৰ নীতি সম্পৰ্কীয় আন্তৰিক দৃঢ়তা প্ৰতিফলিত হৈছে। ভাষণৰ সামৰণিত কোৱা হয়:
“মিঃ লেম্বোৰ্ণে দেশৰ শেহতীয়া নিৰ্ব্বাচনৰ কথা উল্লেখ কৰিছে আৰু তাৰ ফলাফলৰ পৰা সুদৃঢ়ভাবে ভবিষ্যৎ-বাণী কৰিছে যে, ইউনিয়নৰ প্ৰতিখন ৰাজ্যই অহা প্ৰেচিডেণ্ট নিৰ্বাচনত মিঃ ভান বাৰেনক ভোট দিব।” কাপুৰুষ আৰু প্ৰতাৰকসকলৰ ওচৰত এই যুক্তি খাটিব পাৰে, কিন্তু স্বাধীন আৰু সাহসীসকলৰ মনত এই যুক্তিয়ে অকণো প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰে। এইটো সঁচা হব পাৰে আৰু হয়েই যদি হওক। ভালেমান স্বাধীন দেশে স্বাধীনতা হেৰুৱাইছে আৰু আমাৰ দেশৰো তেনেকুৱা দুৰৱস্থা হব পাৰে। কিন্তু যদি সঁচাকৈ দেশমাতৃকাই স্বাধীনতা হেৰুৱায় তেনেহলে মই এই কথাতেই গৌৰৱ বোধ কৰিম যে, মই মাতৃভূমিৰ প্ৰতি কৰ্তব্যচ্যুত হোৱা দূৰৰ কথা, কাহানিও কৰ্ত্তব্যচ্যুত হোৱাৰ কথা ভবাও নাছিলোঁ। ৱাশ্বিংটনত শাসনক্ষমতাত অধিষ্ঠিত দুৰাত্মাসকলে বিৰাট আগ্নেয়গিৰি এটা সৃষ্টি কৰিছে। আগ্নেয়গিৰিৰ মুখনিঃসৃত বহল আৰু গভীৰ ৰাজনৈতিক দুৰ্নীতিৰ সোঁতে ভয়ানক বেগেৰে গোটেই দেশকে প্লাৱিত কৰিছে— এই প্ৰলয়ঙ্কৰী সোঁতে যেনিবা জীৱনৰ শেষ চিহ্ন বিলীন কৰি দিব! ইয়াৰ বুকুত বিচৰণ কৰিছে নৰকৰ কীট্ দুৰাত্মাহঁত— সিহঁতে অগ্ন্যুদ্গাৰৰ তাণ্ডৱ-নৃত্যত ব্যৰ্থকাম প্ৰচেষ্টাৰে বাধা দিবলৈ অহা সকলক বিদ্ৰূপ কৰিছে। এই কথা জানিও মই অস্বীকাৰ কৰিব নোৱাৰোঁ যে, আমি সকলোৱেই উটি ভাঁহি যাম। মোৰ সকলো লণ্ড-ভণ্ড হৈ যাব পাৰে, কিন্তু মই কেতিয়াও ইয়াৰ ওচরত মূৰ নোদোঁৱাওঁ। যুদ্ধত পৰাজিত হোৱা সম্ভাৱনাই আমাক ন্যায়পথৰ পৰা বিচলিত কৰিব নেলাগে; মই বিচলিত নহওঁ। যেতিয়া মই দেশৰ কথা চিন্তা কৰোঁ, যেতিয়া মই মনতে ভাবোঁ সমগ্ৰ বিশ্বই মোৰ দেশক পৰিত্যাগ কৰিছে আৰু মই অকলে বিজয়ী উৎপীড়কসকলৰ বিৰুদ্ধে সংগ্ৰাম কৰিছোঁ, তেতিয়া মই মোৰ আত্মাক
পৰমাত্মাৰ অংশ বুলি অনুভৱ কৰোঁ। ঈশ্বৰক সাক্ষী কৰি আৰু বিশ্ববাসীৰ সন্মুখত
৯