এব্ৰাহাম লিঙ্কনেৰ বক্তৃতাৱলী
এটা দিনৰ কাৰণে আশা কৰি আছোঁ যিদিনা শিক্ষা আৰু ইয়াৰ আহিলাৰ ফলত নৈতিকতা, সংযম, উদ্যোগ আৰু শিল্প বৰ্ত্তমানৰ তুলনাত অধিক ব্যাপক হৈ পৰিব। এনেকুৱা দিন এটাত সোনকালে উপনীত হোৱাৰ যি কোনো প্ৰচেষ্টাতেই অধানিমানো অৰিহনা যোগোৱাৰ ক্ষমতা পালে মই কৃতজ্ঞ বোধ কৰিম।......
তৰুণৰ পক্ষে যিখিনি বিনয়ৰ প্ৰয়োজন বোধ হয় মই তাতোকৈ বেছি বিনয় দেখুৱাইছোঁ। অৱশ্যে এই বিষয়বোৰৰ সম্বন্ধে মই যিদৰে ভাবিছোঁ তাকেহে কৈছোঁ। ইয়াৰ কোনো এটা কথা বা আটাইবোৰৰ ক্ষেত্ৰতেই মোৰ ভুল হব পাৰে কিন্তু সকলোসময়তে ভুল কৰাতকৈ মাজেসময়ে নিৰ্ভুল হোৱাটোও ভাল— এই নীতিকে সাৰোগত কৰি মই যেতিয়াই মোৰ ভুল বুজিব পাৰিম তেতিয়াই তাক পৰিহাৰ কৰিবলৈ সাজু থাকিম।
প্ৰতিজন মানুহৰ হেনো বিশেষ আকাঙ্ক্ষা আছে। এই কথা সঁচা হক বা মিছা হক মই হলে ন দি কব পাৰোঁ যে, মোৰ সহগামীসকলৰ শ্ৰদ্ধাৰ যোগ্য পাত্ৰ বুলি বিবেচিত হৈ তেওঁলোকেৰ প্ৰকৃত শ্ৰদ্ধা লাভ কৰাতকৈ মোৰ আন কোনো ডাঙৰ আকাঙ্ক্ষা নাই। এই আকাঙ্ক্ষা পূৰণত কিমানখিনি সফলকাম হম সি এতিয়াও ভবিষ্যতৰ গৰ্ভত নিহিত। মই তৰুণ, আপোনালোকৰ ভালেমানে মোক চিনি নেপায়। মই তেনেই সাধাৰণ ঘৰত জন্মিছিলোঁ আৰু এতিয়াও সেইদৰেই আছোঁ; পৰিচয় দিবলৈ মোর কোনো ধনী অথবা জনপ্ৰিয় আত্মীয়-কুটুম নাই। মই সম্পূৰ্ণভাৱে এই দেশৰ স্বতন্ত্ৰ ভোটাৰসকলৰ ওপৰতেই নিৰ্ভৰ কৰিছোঁ আৰু যদি নিৰ্ব্বাচিত হওঁ তেওঁলোকৰ অনুগ্ৰহতেই; আৰু এই অনুগ্ৰহৰ প্ৰতিদান হিচাবে মই অবিৰত ভাৱে তেওঁলোকৰ সেৱা কৰি থাকিম। কিন্তু যদি সদাশয় ৰাইজে মোক আঁৰ-কাপোৰৰ আঁৰতেই ৰখাটো যুক্তিযুক্ত বুলি ভাবে তাত মোৰ দুখ কৰিবলগীয়া একো নাই, কিয়নো হতাশাই মোৰ চির-লগৰী।
নিউ চালেম্ ৯ মাৰ্চ্চ, ১৮৩২ চন। |
আপোনালোকৰ বন্ধু আৰু সহ-নাগরিক |