কৰিলে। ডাক্তৰে পৰীক্ষ কৰি দেখিলে সন্তানটো মৃত।
তেতিয়া তেওঁ ধাইক উপদেশ আৰু প্ৰয়োজনীয় ঔষধৰ ব্যৱস্থা
দি বিদায় ল'লে। কোৱা বাহুল্য, ডাক্তৰ আদিৰ সকলো ব্যয়
মাধৱেই বহন কৰিছিল, সেৱা-সমিতিৰ লগত ইয়াৰ কোনো
সম্পৰ্ক নাছিল।
ধাইৰ পৰিচৰ্য্য়া আৰু মাধৱৰ তত্ত্বাৱধানৰ গুণত প্ৰতিমা
সোনকালে ভাললৈ আহিল। মুঠতে ডেৰমাহমানৰ মূৰতে
আকৌ তেওঁ আগৰ দৰে কামত লাগিব পৰা হ'ল।
যদিও কিছুমান মানুহে মাধৱ আৰু প্ৰতিমাৰ প্ৰণয়ৰ কথা
গৰ্হিত ভাবে গ্ৰহণ কৰিছিল, তথাপি বহুতে মাধৱৰ পক্ষে তেনে
কাম সম্ভব নহয় বুলি ভাবিছিল। এই ঘটনাৰ পাচত তেওঁ .
লোকৰো এদলৰ সন্দেহ গুচিল।
মানুহে যিমানেই আলচ কৰে তলে তলেহে, মাধৱৰ আগত
কোনেও সেইবোৰ কথা নুলিয়ায় আৰু কোনেও তেওঁক এই
বিষয়ে কোনো কথা নোসোধে। এদিন মাথোন তেওঁৰ পুৰণি
বন্ধু আৰু সহপাঠী এজনে সুধিছিল,-“কি হে ভায়া? এইবাৰ
দধীচি মুনিয়েই হ’লা নে পৰাশৰ হবলৈকে মন মেলিলা?”
মাধৱ।—যিটো হ’লে তোমাৰ মনত ৰং লাগে তাকে
বুলিয়েই ধৰি লোৱাঁ।
বন্ধু।— তাতকৈ আচল কথাটো তোমাৰ মুখৰ পৰা শুনিলে
জানো কিবা জগৰ লাগিব?
মাধৱ।—জগৰ লাগক বা নালাগক ক'বলৈ মই অপাৰগ।
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৯৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯০
আবিষ্কাৰ