পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৵৹

অলঙ্কাৰ-পাতিখিনি সোলোকাই থ'লে যি তথ্য ধৰা পৰে সি নিখুঁত সত্য, — সুপৰীক্ষিত সিদ্ধান্ত। বৈজ্ঞানিকসকলে পূৰ্ব্ববৰ্ত্তী আবিষ্কাৰকৰ আবিষ্কাৰৰ ভেটিত থিয় হৈ নতুন অনুসন্ধানলৈ আগ বাঢ়িব পাৰে আৰু তাৰ পৰা তেওঁলোকৰ বহুত সময় ৰাহি হয়। কিন্তু সামাজিক আবিষ্কাৰৰ তেনে কোনো লিপিবদ্ধ সিদ্ধান্ত নথকাত প্ৰত্যেক সংস্কাৰকে গুৰিৰ পৰাই আৰম্ভ কৰিব লগাত পৰে আৰু তাৰ ফলত কল্পনা-ৰাজ্যৰ পৰা বাস্তৱ ৰাজ্য পোৱাৰ আগতেই বহুতৰ চেষ্টা অন্ত হয়। লেখকৰ বিশ্বাস ভবিষ্যৎ সমাজ-সংস্কাৰকসকলে এই “আবিষ্কাৰৰ” পৰা তেওঁলোকৰ কৰ্ম্মপন্থা-নিৰ্ব্বাচনত অন্ততঃ ভাবি চাবলৈ কিবা এটা তথ্য পাব।

 “ধানটোৱেপতি কণটো, মানুহটোৱেপতি মনটো।” সেই কাৰণে “আবিষ্কাৰে” কাক সন্তোষ দিয়ে আৰু কাক অসন্তুষ্ট কৰে, সেই বিষয়ে ভাবিবৰ প্ৰয়োজন নেদেখোঁ। লেখকৰ অভিজ্ঞতাই যি সত্য নিৰুপণ কৰিছে তালৈ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰাই এই উপন্যাসৰ প্ৰধান উদ্দেশ্য। তাৰ পৰা যদি সমাজৰ মঙ্গল-সাধনত কিবা সাহায্য হয়, তেনেহলেই লেখক পুৰস্কৃত হ’ব। ইতি

তেজপুৰ
১৩ ভাদ, ১৮৭০ শক ।
বিনীত
গ্ৰন্থকাৰ ৷