পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

সপ্তবিংশ অধ্যায়।

–মন্ত্ৰৰ বন্ধন–

 যি উদ্দেশ্যত মহেশ্বৰে দামোদৰৰ লগত জীয়েকক, বিয়া দিছিল সি সিদ্ধ নহ’ল, বোধ কৰোঁ সি ঈশ্বৰৰ ইচ্ছা নহয়।
 শান্তি বিয়াৰ অলপ দিনৰ পাচতে দামোদৰ কিয় সপৰিবাৰে কলিকতালৈ গৈছিল আৰু ঘৈণীয়েকৰ মৃত্যুৰ পিচতো কিয় কলিকতাত বাসস্থান লৈছিল তাৰ কাৰণ অসমত কোনেও ভালকৈ নাজানিছিল, তেৱোঁ কাৰো আগত একো নকৈছিল। আচল কথা হৈছে শান্তি কৰাই অনাৰ অলপ দিনৰ পাচতে তেওঁৰ গৃহিণীৰ শৰীৰ অসুস্থ হয় আৰু কোনো চিকিৎসাই গুণ নিদিয়ে। তেতিয়া তেওঁ সপৰিবাৰে কলিকতালৈ গৈ অভিজ্ঞ ডাক্তৰৰ হতুৱাই তেওঁৰ ৰোগ পৰীক্ষা কৰায় আৰু পৰীক্ষাত সি যক্ষ্মা বুলি সাব্যস্ত হয়। ডাক্তৰৰ নিৰ্দ্দেশমতে যিমান প্ৰকাৰ চিকিৎসা হ'ব পাৰে তাৰ এটাও তেওঁ বাকী নথ’লে, কিন্তু একোতেই গুণ নধৰিলে। ডাক্তৰৰ ভিজিট, ঔষধ-ইনজেকশ্য় নৰ দাম আৰু ধাত্ৰীৰ দৰমহা আদিত তেওঁ কেইবা হাজাৰো টকা খৰচ কৰিলে, কিন্তু তেওঁৰ পত্নীক মৃত্যুৰ হাতৰ পৰা ৰাখিব নোৱাৰিলে।