পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩১
সভ্যতাৰ আবৰ্জ্জনা


সুন্দৰী নহলেও আধুনিক সাজ পাৰেৰে সুসজ্জিতা হৈ হঠাৎ দেখা দৰ্শকৰ চকুত সুন্দৰী বুলিয়েই ধাৰণা জন্মাব পৰা বিধৰ আছিল। গাভৰু এনেকৈ গৈ থাকোঁতেই আলিৰ দাঁতিৰ ঘৰ এটাৰ পৰা এজন ডেকা ওলাই আহি তেওঁৰ সন্মুখত থিয় দিলে আৰু দুয়োৰে ভিতৰত কিবাকিবি কথা-বতৰা হ'ল। মাধৱ তেতিয়া প্ৰায় এক ফাৰ্লংমান পিচত আছিল, সেই কাৰণে। কোনো কথা-বতৰা তেওঁৰ কাণত পৰা নাছিল; বিশেষকৈ তেনে কথা-বতৰাত কিবা অস্বাভাবিকতা থাকিব পাৰে বুলিও তেওঁ অনুমান কৰা নাছিল। বাটৰ মানুহ বাটে গৈছে, তাত আকৌ লক্ষ্য কৰিবলগীয়া কি আছে। কিন্তু তেওঁ লক্ষ্য কৰিবলৈ বাধ্য হ’ল। হঠাৎ ডেকাজনে গাভৰুৰ হাতত থাপ মাৰি ধৰিলে আৰু গাভৰুৱে সাহায্য বিচাৰি চিঞৰিবলৈ ধৰিলে। চিঞৰ শুনি মাধৱে বুজিলে কিবা এটা অঘটন ঘটিবৰ উপক্ৰম হৈছে, তেওঁ অলপো নৰৈ তেওঁলোকৰ গালৈ খেদা মাৰি গল। মাধৱে খেিদ যোৱা দেখি ডেকাজনে গাভৰুৰ হাতখন এৰি দিলে আৰু বুকুৰ পৰা এখন ছুৰি উলিয়াই মাধৱক আক্ৰমণ কৰিলে। মাধৱে অতি ক্ষিপ্ৰতাৰে ছুৰিয়ে সৈতে তাৰ হাতখন ধৰি পেলালে। আজোৰ-পিজোৰত মাধৱৰ সো হাতখনত যদিও অলপ ছুৰিৰ আঘাত লাগিল, তথাপি ডেকাজনে কোনোমতেই ছুৰিখন এৰুৱাব বা মাধৱৰ হাতৰ পৰা এৰাব নোৱাৰিলে। অলপ সময়ৰ ভিতৰতে ঘটনাস্থলত বহুতো মানুহ গোট খালে আৰু ডেকাজন বন্দী