পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৫
আদৰ্শ আৰু লক্ষ্য


 গীতৰ অন্তত নেতাসকলে এজন এজনকৈ বক্তৃতা দিবলৈ ধৰিলে। সেই বক্তৃতা শুনি আগেয়ে আন্দোলনত যোগ নিদিয়া মানুহৰ বেচি ভাগ উত্তেজিত হৈ উঠিছিল আৰু দেশ-সেৱাত আত্মনিয়োগ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হৈছিল।
 সভাত যিসকল লোকে বক্তৃতা দিছিল, তাৰ ভিতৰত বিশিষ্ট নেতা শ্ৰীযুত উগ্ৰসেন বৰুৱাৰ বক্ততা অতি উগ্ৰ আৰু তেজী আছিল। বক্ততাত আইন অমান্য কৰাৰ প্ৰয়োজনীয়তাৰ লগতে অনুন্নতক উন্নত কৰা, অস্পৃশ্যতা দূৰ কৰা, নাৰীসকলক অৱৰোধৰ পৰা পোহৰলৈ আনি দেশৰ কামত আত্মবলি দিবলৈ শিকোৱা, পুৰুষৰ সমানে নাৰীৰো স্বাধীনতা লাভত সাহায্য কৰা, স্বদেশী প্ৰচাৰ, বিদেশী বৰ্জ্জন আদি বিষয়ৰো অৱতাৰণা কৰিছিল। উপস্থিত নাৰীৰ সংখ্যা যদিও নগণ্য আছিল, তথাপি তেওঁলোকক এই যুদ্ধত অৱতীৰ্ণ হবলৈ পুনঃ পুনঃ আহ্বান কৰা হৈছিল। তেওঁৰ গোটেই বক্তৃতাটো ইমান তেজী আছিল যে প্ৰায় সকলো সমজুৱাই উত্তেজিত হৈ উঠিছিল।
 সভাত মাধৱ আৰু প্ৰতিমাও উপস্থিত আছিল। মাধৱে যদিও গোটেইবোৰ বক্ততা অবিচলিতভাবে শুনি গৈছিল, প্ৰতিমাই তেনে ধীৰভাবে শুনি যাব পৰা নাছিল। বক্তৃতা শুনি তেওঁ বৰকৈ চঞ্চল হৈ উঠিছিল। বৰুৱাৰ বক্তৃতাৰ পাচত তেৱোঁ নাৰীসকলক লক্ষ্য কৰি এট। বক্তৃতা দি সমজুৱাৰ বিপুল হৰ্ষ-ধ্বনি আৰু প্ৰশংসা লাভ কৰিছিল।
 সভা ভাগিলত “বন্দে মাতৰম,” “মহাত্মা গান্ধী কি জয়”