প্ৰতিমাই একাণপতীয়াভাবে কাম কৰি যাবলৈ ধৰিলে।
তেওঁৰ আশাশুধীয়া চেষ্টা, উদ্যম আৰু অক্লান্ত পৰিশ্ৰমৰ ফলত
গোটেই দেশৰ নাৰী-সমাজত এটা নব জাগৰণৰ ঢৌ উঠিল।
তাকে দেখি প্ৰতিমাই গৰ্ব্ব অনুভব কৰিলে, মাধৱেও এটা
অভূতপূৰ্ব্ব আনন্দ অন্তৰত উপলব্ধি কৰিলে।
তেতিয়া ১৯৩১ চন। মহাত্মা গান্ধীৰ অসহযোগ আন্দোলন
আইন-অমান্য আন্দোলনত পৰিণত হৈছে। গোটেই ভাৰতবৰ্য
জুৰি হুলস্থুল। শই শই হাজাৰে হাজাৰে দেশ-সেৱক
ফাটেকলৈ যাব লাগিছে, অম্লানবদনে শান্তি-ৰক্ষকৰ লাঠিৰ কোব
পিঠি পাতি লৈছে। যিবোৰ মানুহে আগেয়ে ৰাজনীতি খায় নে
কাণত পিন্ধে বুজি নাপাইছিল, সেইবোৰেও এইবোৰ দেখি-শুনি
উত্তেজিত হৈ আন্দোলনত যোগ দিছেহি। নগৰে-গাৱেঁ ঘৰে-
বাহিৰে কেৱল এই আন্দোলনৰ মেল, য’তে-ত’তে সভা-সমিতি।
এই আন্দোলনৰ সময়ত গুৱাহাটীতে এখন ডাঙৰ কংগ্ৰেচী
সভা বহিছিল। তালৈ অসমৰ নানা ঠাইৰ পৰা প্ৰতিনিধি
আহিছিল। চৰকাৰী কৰ্ম্মচাৰীৰ বাহিৰে জাতি-বৰ্ণ নিৰ্ব্বিশেষে
সকলো স্থানীয় মানুহে তাত গোট খাইছিল।
স্বেচ্ছা-সেৱক সকলৰ এটি গীতেৰে সভা আৰম্ভ হয়।
যেনে :-
তই বাঢ়িব লাগিব আগ।
কৰিব লাগিব মোহ নিদ্ৰা ভাঙি
জড়তা-ভীৰুতা ত্যাগ।