গোঁসানীৰ এক বৃহৎ দেৱালয় আছে। ফুকনে এই দেৱালয় দৰ্শন
কৰিলে। তাৰ পাচে নাও মেলি শান্তিপুৰৰ ওচৰেৰে ভটীয়াই
যোৱা গল। পৰ্ব্বতীয়া গোঁসাইউৰুৰ ঘৰলৈ যাবৰ কাৰণে বয়ৰাৰ
ঘাটত নাও চপোৱা হল। তাৰ পৰা এখান পাল্কী লৈ ফুকন
শিমলা গ্ৰামলৈ গল। তাত পৰ্ব্বতীয়া গোঁসাইউৰুৰ ঘৰ।
তেওঁবিলাকক তাত পৰ্ব্বতীয়৷ গোঁসাই বুলিলে কোনেও নিচিনে
“আসামীয়৷ ভট্টাচাৰ্য্য” বুলিলে চিনে। পৰ্ব্বতীয়া গোঁসাই কালিদাস
ভট্টাচাৰ্য্য ফুকনৰ গুৰু। ফুকন গুৰু দৰ্শন কৰি সন্তুষ্ট হল
আৰু তাতে ভোজন কৰি নাওলৈ আহিল। গোঁসাইবিলাকৰ ঘৰ
তাৰ আন সেই শ্ৰেণীৰ সাধাৰণ মানুহৰ ঘৰৰ দৰে। সেই ঠাইত
তেওঁবিলাকৰ কেৱল ব্ৰাহ্মণ ভট্টাচাৰ্য্যৰ যি মান সেইমাত্ৰ, অধিক
নাই। আমাৰ দেশৰ দৰে তেওঁবিলাকৰ অতি উৎকৃষ্ট সম্ভ্ৰম নাই।
সমুদ্ৰৰ সমীপবৰ্ত্তী যিমান হোৱা যায় তিমান গঙ্গাত তিথি বিশেষে
জোৱাৰ বা ভাটা হয়। শান্তিপুৰত জোৱাৰৰ সময়ত প্ৰায় চাৰি
আঙ্গুলমান জলবৃদ্ধি পায়। বয়ৰাৰ ঘাটৰ পৰা নাও মেলি
দি উলা, গুপ্তিপাড়াৰ মাজেৰে যোৱা হল। সুখচৰ, বাঁশবেড়ীয়া,
হুগলী, নৈহাটী, চন্দননগৰ, শ্ৰীৰামপুৰ, বাৰাকপুৰ, পানীহাটী
আগড়পাড়া প্ৰভৃতি গ্ৰাম গঙ্গাৰ দুফালে। ঘূশৰীত ৰাত্ৰি থকা
হল আৰু তাৰ পাচ দিনা ৮ বজাত কলিকতা পোৱা হল।
কলিকতা পূৰ্ব্বৱৎ জলে স্থলে জলাকীৰ্ণ। ফুকন মিৰবহৰ
ঘাটৰপৰা পাল্কীত উঠি দেবাসিংহক লৈ চহৰলৈ গল। চাঁদপাল
ঘাটলৈ নাও নিবলৈ আজ্ঞা দিলে। ফুকনে প্ৰথমে পটুৱাটোলাৰ
তেওঁৰ বন্ধু শ্যামাচৰণ দাসৰ ঘৰলৈ গল৷ তেওঁ সপৰিবাৰে
ফুকনক দেখি বৰ তুষ্ট হল। তেওঁৰ ঘৰতে সম্প্ৰতি বহা কৰা
হল। নাওৰ বস্তু তোলা হলত নাও বিদায় দিয়া হল। সৰ্ব্ব
মুঠে ১৮ দিনত কলিকতা পোৱা হল। শ্যামবাবুৰ ঘৰত দুদিন
থাকি পুৰণা বৈঠকখানাৰ গলিৰ এটা ঘৰলৈ যোৱা হল। সেইটো
পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৯৩
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৮৭