পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

তৃতীয় অধ্যায়

 এই পৰ্য্যন্ত আনন্দৰাম ফুকনে পৈত্ৰিক সম্পত্তিৰ ওপৰত নিৰ্ভৰ কৰি চলিছিল। উৎপন্ন নহলে ব্যয় দণ্ডস্বৰূপ। বিশেষ তেওঁ যেনে বংশৰ লোক আৰু যেনেৰূপে সমাজত চলিব লাগে সেই- ৰূপ ব্যয় নিৰ্ব্বাহ হোৱা ক্ৰমে কঠিন হল অথচ তেওঁৰ ব্যয় ক্ৰমশঃ অধিক হবলৈ ধৰিলে। তেওঁ সদাই পৰিমিতাচাৰী আৰু পৰিমিতব্যয়ী। কোনে৷ প্ৰকাৰ অপব্যয় তেওঁৰ নাছিল আৰু নকৰিছিল। নিজে মুঠ হিচাব ৰাখিছিল। খাত খমাৰৰপৰা ধান আৰু আন আন অনেক বিষয়ে সাহায্য হৈছিল। কিন্তু তেনে সুবিধাৰে নহৈছিল। তেওঁৰ পিতৃজনাও বৰ দানশীল আছিল; সেইদেখি নগদ সম্পত্তি বিস্তৰ থৈ যাব নোৱাৰিলে। যি এখানি গোলা আছিল তাৰো কাৰবাৰ গুচিল। এই কাৰণে তেওঁ কিঞ্চিৎ অসুবিধা সহ্য কৰিবলৈ ধৰিলে।

 সেই সময়ত কোনো কোনো পৰগণাৰ মৌজাদাৰ বা চৌধুৰী- সকলে প্ৰজাৰ ওপৰত বৰঙ্গনি কৰি ধন লৈছিল। ইয়াৰ মাটি তাক দি, ইয়াক বিষয়া ভাঙ্গি তাক পাতি আৰু অকাৰণে মানু- হৰ দোষ উলিয়াই তাক দণ্ড কৰি কোনো কোনো চৌধুৰীয়ে প্ৰজাক পীড়া কৰিছিল। এই নিমিত্তে সময়ে সময়ে পৰগণাৰ প্ৰজাসকলে কোনো একোজন বা দুজন মুখ্য লোক লৈ চৌধুৰীৰ ওপৰত ৰাইজ উঠি গুৱাহাটীলৈ আহি গোচৰ কৰে। কেতিয়াবা