মূনচীৰ মুখে পঢ়িছিল। পাৰচীৰ গুলিস্তান আৰু ৰোৱৈস্তান
পৰ্যন্ত পঢ়িছিল। আৰু পন্দেনামাৰ পদ্যবিলাক প্ৰায় সম্পূৰ্ণ
কণ্ঠস্থ আছিল। পূৰ্ব্ব বজালী পৰগণাৰ গোপীনাথ চৌধুৰী
নামে এজন লোক আছিল। তেওঁ বৰ তান্ত্ৰিক আছিল।
ফুকনে এওঁৰ মুখে কিছুদিন তন্ত্ৰসাৰ পঢ়িছিল। তেতিয়া খৰালি
গুৱাহাটীলৈ উথলীৰ চন্দ্ৰকুমাৰ গোস্বামী আহি প্ৰায় ৰবিবাৰে
ঘৰে ঘৰে গোঁসাই কীৰ্ত্তন কৰি অনেক টকা বছৰি লৈ গৈছিল।
আৰু সময়ে সময়ে ভাটীৰপৰা যাত্ৰাওৱালা আহি কোনো কোনো
লোকৰ ঘৰত গান কৰি ধন উপাৰ্জ্জন কৰিছিল। ফুকনে এই
কীৰ্ত্তনীয়া আৰু যাত্ৰাৱালাৰো গীত ঘৰত কৰাইছিল। সকলোৱে
আহি তেওঁৰ ঘৰত হোৱা গানত টকা দিয়ে আৰু তেঁৱো প্ৰায়
সকলোৰে ঘৰৰ নিমন্ত্ৰণ ৰক্ষা কৰিছিল এই প্ৰণালীত গানত
অৰ্থ ব্যয় তেওঁ ভাল নেপালেও আৰু নিজৰো গীত বাদ্যত শ্ৰদ্ধা
নাথাকিলেও সমাজ ৰক্ষাৰ কাৰণে তেওঁ এইসকল কাৰ্য্যত উৎসাহ
দিব লাগিছিল।
সেই সময়ত আমাৰ মানুহে ডাক্তৰৰ ঔষধ নাখাইছিল। তেতিয়া শীতল সিংহ নামে এজন নেটিব ডাক্তৰ গুৱাহাটীত আছিল। তেওঁ হিন্দুস্থানী মানুহ৷ পল্টনৰ ডাক্তৰ আছিল। ফুকনে এওঁক চিকিৎসাত ভাল পাই পৰিবাৰৰ ডাক্তৰ কৰিলে। তেওঁৰ নৰিয়৷ নাছিল। তথাপি অল্প নৰিয়াতে মতাই আনি শীতল সিংহৰ ঔষধ খাইছিল আৰু ঘৰৰ আনৰ নৰিয়াতো তেওঁৰ দৰৱ ব্যৱহাৰ কৰিছিল। এবাৰ তেওঁৰ এটা টান বিস্ফোটক হয়; শীতল সিংহে ঔষধ আৰু অস্ত্ৰ ক্ৰিয়াৰ দ্বাৰাই ভাল কৰে। বলৰাম ফুকনেও পৰাশুৰাম বৰুৱাইও এই ডাক্তৰকে স্বীকাৰ কৰিলে। ক্ৰমে লোকৰ ডাক্তৰী ঔষধৰ প্ৰতি শ্ৰদ্ধা জন্মিল আৰু অনেক নৰিয়াত শীতল সিংহৰ পৰামৰ্শ আৰু ঔষধ লবলৈ ধৰিলে।