যেতিয়া ফুকন কলিকতালৈ যায় তেতিয়া তেওঁৰ চুলি সৰু সৰুকৈ
কটা আছিল৷ মাজতে সৰু এটি টিকী বা টিকনী আছিল।
যিসকলে চুলি ধুন কৰিবলৈ অথচ হিন্দুধৰ্ম্ম মতে শিক্ষা
বান্ধিবলৈ ইচ্ছা কৰে সেই সকলে এইৰূপ টিকনী ৰাখে।
কলিকতালৈ গলত ফুকনে সেই শিক্ষা ছেদন কৰিলে। তেওঁৰ
লগত শালগ্ৰম এখান আছিল, সদাই সেই শালগ্ৰামক তেওঁ পূজা
কৰিছিল। কলিকতাত ফুকনৰ বৰ টান নৰিয়া হোৱা নাছিল।
এবাৰ সামান্য জ্বৰ হৈছিল আৰু এবাৰ লূতী ওলাইছিল। মাজে
মাজে পানী লাগিছিল। তেওঁ সময়ে সময়ে জুলাপ লৈ খোৱা
শোৱাত বৰ সাৱধানে থাকিছিল। শ্ৰীধৰ বাপু আৰু ৰাতিয়া নামে
লগুৱা এটা ফুকনৰ তালৈ গল। কামৰূপৰ হৰনাথ চৌধুৰী
আৰু শম্ভু নামে মানুহ এটা ঘূৰি-পকি গৈ কলিকতা
পাই ফুকনৰ লগ লাগিল। ফুকন কলিকতাৰপৰা অহা স্থিৰ
হল। পৰশুৰামৰ মাতৃয়েও পৰশুৰামক ঘৰলৈ আহিবলৈ অনু-
মতিৰ বাবে মেথী চাহাবক জনালে। চাহাবেও অনুমতি দিলে।
ৰামচন্দ্ৰ বিশ্বাস কলিকতালৈ গল। ৰামচন্দ্ৰ বিশ্বাসৰ ভতি- জাক কাশীচন্দ্ৰ বিশ্বাস কলিকতাৰ ডফ্ চাহাবৰ স্কুলত পঢ়ি ছিল। তেওঁ আৰু অসমীয়া পোৱালচন্দ্ৰ আৰু পৰশুৰাম ফুকনৰ লগতে আহিবলৈ স্থিৰ কৰিলে। দেশলৈ আহিব লগীয়া হোৱাত কিতাপ, মেজ, মাচীয়া আলমাৰী, কৌচ, গলিচা, সত্ৰঞ্জি, কাপোৰ, পাল্কী আৰু আন আন অনেক বস্তু ফুকনে কিনিলে। এদিন ৰামচন্দ্ৰ বিশ্বাসে বৰ বজাৰত কিছুমান বস্তু কিনি মুটী- য়াৰ মূৰত দিলে। মুটীয়া পাচ হল, বিশ্বাস আগ হল। কলিকতাৰ বৰ বজাৰৰ আলিবিলাক বৰ বহল নহয়। খোজকঢ়া মানুহ, গাড়ী, পাল্কী আৰু গৰুৰ গাড়ী সৰহ৷ পাচে এটা তিনিমুনি বাটত মুটীয়া এফালে গল, বিশ্বাস এফালে গল। পাচে মুটীয়াক বিচাৰি নেপালে। কলিকতাৰ লালবজাৰ নামে এঠাইত অনেক জাহাজৰ খালাচি আৰু আন গোৰা ইংৰাজ