পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
আনন্দৰাম ঢেকিয়াল
 


কৰ্ম্মকাৰৰ পুত্ৰ শ্যামচৰণ দাস নামে এজন ডেকা আছিল। তেওঁৰ ফুকনে সৈতে পৰিচয় হল। ক্ৰমে উভয়ৰ বৰ প্ৰীতি সঞ্চাৰিত হল। সদাই তেওঁ আহি ফুকনক পঢ়ায় আৰু সৰ্ব্ব- প্ৰকাৰ যত্ন কৰে। তেওৰ পিতৃ-মাতৃ আৰু পৰিবাৰ সকলেও ফুকনক আপোন পৰিয়ালৰ এজন যেন দেখিছিল। খোৱা শোৱা ইত্যাদি সকলোতে শ্যামবাবুৱে তত্ত্বাবধাণ কৰিছিল। ইয়াত ভাল-বেয়া সকলোৰে প্ৰলোভন অনেক। ফুকন ক্ৰমে যৌবন কাললৈ অগ্ৰসৰ হব ধৰিলে। এই সময়ত লোকৰ মন চঞ্চল হয়। কোনো কথালৈ ভয় নাথাকে৷ ভাল অধ্য়ক্ষ নাথাকিলে আৰু তত্ত্বাবধান নহলে লোক কুপথলৈ যাবৰ শঙ্কা। শ্যামবাবুৱে আনন্দৰাম ফুকনৰ প্ৰতি বিশেষ বন্ধু আৰু অধ্যক্ষৰ ব্যৱহাৰ কৰিছিল। মতিলাল শীল, বাবু নবীন চন্দ্ৰ কৰ্ম্মকাৰ প্ৰভৃতিয়ে এওঁক বৰ যত্ন কৰিছিল। তেওঁ নিজেও বৰ সাৱ- ধানে থাকিছিল। সীতানাথ ঘোষ, শিবদাস দত্ত প্ৰভৃতি তেওঁৰ সহধ্যায়ীসকলেও বিশেষ প্ৰীতি কৰিছিল। আনন্দৰাম ফুকনে সুন্দৰকৈ বঙ্গলা কথা কব পাৰিছিল আৰু বুজিব পাৰিছিল। ইয়াৰ কাৰণ তেওঁৰ বঙ্গালী লোকে সৈতে কথা-বাৰ্ত্তা কোৱাত একণে৷ অসুবিধা নহৈছিল। অধিকন্তু তেওঁৰ নিজৰ সৎস্বভাৱৰ নিমিত্তেও তেওঁক অনেকে মৰম কৰিছিল।

 দুৰ্গাৰাম ফুকনৰ মৃত্যু সংবাদ গুৱাহাটী পালত কোলাহল লাগিল। সকলো শোকাৰ্ত্ত হল। মেথী চাহাব আৰু জেন- কিনচ্ চাহাবও বৰ দুখিত হল। ফুকনউৰু যেতিয়া যায় তেতিয়া যিবিলাক আশঙ্কা কৰা হৈছিল সেইবিলাক লগৰ মানুহৰ আৰু দুৰ্গাৰাম ফুকনৰ মৃত্যুৰ দ্বাৰাই ফলিওৱাত আৰু চিন্তা হল। যিজনা গল গল, যিজনা আছে তেওঁৰ প্ৰতি অধিক ভয় হল। চাহাব দুজনাইও ডাঠ বান্ধি একো কব নোৱাৰিছিল। একেই ফুকনৰ মাতৃৰ ফুকনক কলিকতালৈ পঠোৱাত অসন্তোষ, তাতে আৰু চিন্তা অসন্তোষৰ কাৰণ হৈ উঠিল।